কংগ্ৰেছ, আম আদমীকে ধৰি তিনি শতাধিকৰ অগপত যোগদান

Pc The Sentinel Bengali

কংগ্ৰেছ, আম আদমীকে ধৰি তিনি শতাধিকৰ অগপত যোগদান

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম গণ পৰিষদ দলৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত কংগ্ৰেছ, আম-আদমী পাৰ্টি আৰু এ আই ইউ ডি এফৰ লগতে গুৱাহাটী মহানগৰীৰ যুৱকে আনুষ্ঠানিকভাৱে অসম গণ পৰিষদ দলত যোগদান কৰে। যোগদানকাৰী সকলৰ ভিতৰত আচাৰ্য্য পঙ্কজ পাঠক, প্ৰদেশ কংগ্ৰছৰ সম্পাদক কৃষ্ণকান্ত দাস, যুৱ কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক মনচুৰ আলম খান, আপৰ সাংগঠনিক সম্পাদক মাধুৰ্য্য শইকীয়া, আপৰ কেন্দ্ৰীয় সদস্য ঋতুৰাজ বৰুৱা, দেৱৰাজ কাকতি, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক কংকন মাজুমদাৰ, প্ৰনাম বৰা, সেৱা দলৰ সাংগঠনিক সম্পাদক আমিনুল ইছলাম, লাচিত সেনাৰ সম্পাদক অভিলাষ বৰুৱা, মাৰোৱাৰী যুৱ মঞ্চৰ সদস্য প্ৰতীম মিশ্ৰ, এন এছ ইউ আই ৰ ৰাজ্যিক সম্পাদক জুপুৰী কাশ্যপ, ৰিয়াজ ৰাজা, দীপাঙ্কৰ কলিতা, যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় প্ৰতিনিধি হাহিম আনোৱাৰ, গুৱাহাটী কমাৰ্চ কংগ্ৰেছৰ প্ৰাক্তন সাধাৰণ সম্পাদক দীপাঙ্কৰ গগৈ, প্ৰমুখ্যে বিভিন্ন ক্ষেত্ৰৰ তিনি শতাধিক যুৱক-যুৱতীয়ে যোগদান কৰে। যোগদানকাৰীসকলক আদৰণি জনাই অসম গণ পৰিষদ দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই কয় যে, আঞ্চলিকতাবাদী শক্তি হিচাপে দলটোক সৰ্বস্তৰতে শক্তিশালী কৰিবলৈ যোগদানকাৰী সকলক আহ্বান জনায়। বৰাই কয় যে, বৰ্তমানৰ চৰকাৰখনৰ উন্নয়ণ আৰু বিকাশৰ যাত্ৰাত জৰিয়ত হৈ ৰাজ্যখনৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত ঐক্যবদ্ধভাৱে কাম কৰিব লাগিব। দলৰ কাৰ্য্যকৰী সভাপতি মন্ত্ৰী কেশৱ মহন্তই এই যোগদানে দলক শক্তি বৃদ্ধি কৰাৰ লগতে দলক হকে নিষ্ঠা আৰু সততাৰে কাম কৰিবলৈ যোগদানকাৰী সকলক আহ্বান জনায়। এই অনুষ্ঠানত দলৰ সাধাৰণ সম্পাদক মনোজ শইকীয়া, উপ-সভাপতি সুনীল ডেকা, সম্পাদক তথ্য প্ৰচাৰ ড০ তপন দাস, যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁই প্ৰমুখ্যে বহু বিষয়ববীয়া আৰু সদস্য উপস্থিত থাকে।