কংগ্ৰেছৰ সভাপতি পদৰ বাবে ১৭ অক্টোবৰত নিৰ্বাচন

Pc The Indian Express

কংগ্ৰেছৰ সভাপতি পদৰ বাবে ১৭ অক্টোবৰত নিৰ্বাচন

ৰঙিলী বাৰ্ত্তাসেৱা-  কংগ্ৰেছে ঘোষণা কৰে যে দলটোৰ সভাপতি পদৰ বাবে ১৭ অক্টোবৰত নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু ফলাফল ১৯ অক্টোবৰত ঘোষণা কৰা হ’ব। এই পদৰ বাবে ২০০০ চনৰ নৱেম্বৰতে শেষবাৰলৈ নিৰ্বাচন অনুষ্ঠিত হৈছিল৷ দলটোত ছোনিয়া গান্ধী হৈছে আটাইতকৈ দীৰ্ঘদিন সভাপতি পদত কাৰ্যনিৰ্বাহ কৰা ব্যক্তি৷ ১৯৯৮ চনৰ পৰা ছোনিয়া গান্ধী দলটোৰ সভানেত্ৰী হৈ আছে৷ ২০১৭-১৯ চনত ৰাহুল গান্ধীয়ে দায়িত্ব লৈছিল৷কংগ্ৰেছৰ সভাপতি পদৰ নিৰ্বাচনৰ জাননী প্ৰকাশ কৰা হ’ব ২২ ছেপ্টেম্বৰত৷ মনোনয়ন-পত্ৰ দাখিল আৰম্ভ হ’ব ২৪ ছেপ্টেম্বৰত আৰু ৩০ ছেপ্টেম্বৰলৈ অব্যাহত থাকিব৷ চি ডব্লিউ চিৰ প্ৰায় ৩০ মিনিটৰ বৈঠকৰ পাছত কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচন প্ৰাধিকৰণৰ অধ্যক্ষ মধুসূদন মিস্ত্ৰীয়ে সংবাদ মাধ্যমক এই কথা কয়৷এই বৈঠকত উপস্থিত থকাসকলৰ ভিতৰত আছিল কংগ্ৰেছৰ প্ৰতিবাদী গোট জি-২৩ৰ আনন্দ শৰ্মা, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, দলটোৰ কেন্দ্ৰীয় নিৰ্বাচন প্ৰাধিকৰণৰ অধ্যক্ষ মধুসূদন মিস্ত্ৰী, কে চি বেণুগোপাল, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জয়ৰাম ৰমেশ, মুকুল ৱাছনিক আৰু পি চিদাম্বৰম তথা ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট, ছট্টিশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলা আদি৷