ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱাগত আদৰণি আৰু সম্বৰ্দ্ধনা সভা সম্পন্ন

ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱাগত আদৰণি আৰু সম্বৰ্দ্ধনা সভা সম্পন্ন

মঙলদৈ, ৰঙিলী বাৰ্ত্তাসেৱা- দৰঙৰ বৃহত্তৰ ঔতলা অঞ্চলৰ উচ্চশিক্ষাৰ প্ৰাণকেন্দ্ৰ ঔতলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত যোৱা ১৭ আগষ্টত নৱাগত আদৰণি আৰু সম্বৰ্দ্ধনা সভা অনুস্থিত হয়। বিদ্যালয়ৰ পতাকা উত্তোলন কাৰ্যসূচীৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে ছাত্ৰ একতা সভাৰ সভাপতি, বিষয় শিক্ষক প্ৰবীণ কলিতাই । ইয়াৰ পিছতে শ্বহীদ তপৰ্ণ কৰে সহঃ শিক্ষক ৰজনী কান্ত শৰ্মাই। সতীৰ্থ সন্মিলন আৰু নৱাগত ছাত্ৰ -ছাত্ৰী সকলক আদৰণি, বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰ লগতে আবেলি বিদ্যালয়ৰ অধ্যক্ষ কমল প্ৰসাদ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হয় সম্বৰ্ধনা সভা। শিক্ষক গোটৰ পৰিচালনাৰে সমবেত সংগীতেৰে সভাৰ কাৰ্যসূচী আৰম্ভ হয়। উক্ত সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি পশ্চিম ৰঙামাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তপন কুমাৰ শৰ্মাই মনোগ্ৰাহী ভাষণেৰে শিক্ষাৰ্থী সকলক বৌদ্ধিক উত্তৰণৰ সফলতা প্ৰাপ্তিৰ বাবে অহোপুৰুষাৰ্থ কৰিবলৈ আহ্বান জনায়। সভাত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ শিক্ষাৰ্থী সকলক সম্বৰ্দ্ধনা জনোৱা হয়। বিদ্যালয়ৰ বিষয় শিক্ষক দ্বয় হিতেশ হাজৰিকা আৰু হিতেশ কাকতিৰ লগতে সহঃ শিক্ষক ৰাকেশ শৰ্মাই পৰিচালনা কৰা অনুষ্ঠান সমূহত সহযোগিতা আগবঢ়াই বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী বৃন্দৰ লগতে ছাত্ৰ একতা সভাৰ বিষয়ববীয়া সকলে। সভাত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি গিৰীশ ডেকাৰ লগতে স্থানীয় কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। প্ৰাপ্ত তথ্য অনুসৰি ষষ্ঠ শ্ৰেণীৰ পৰা ৰাজদ্বীপ ৰাভা আৰু নৱম শ্ৰেণীৰ পৰা ভায়লিনা ডেকাই শ্ৰেষ্ঠ নৱাগতৰ স্বীকৃতি অৰ্জন কৰে।