ওৰাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অবসৰপ্ৰাপ্ত অধ্যক্ষ নবীন চন্দ্ৰ বৰুৱাৰ মৃত্যু

ওৰাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অবসৰপ্ৰাপ্ত অধ্যক্ষ নবীন চন্দ্ৰ বৰুৱাৰ মৃত্যু
ৰঙিলী বাৰ্ত্তা সেৱাঃ-২১ আগষ্ট :-ওদালগুৰি

“” ওদালগুৰি জিলাৰ অন্যতম অসমীয়া মাধ্যমৰ বিদ্যালয় হিচাপে পৰিচিত ওৰাং উচ্চতৰ মাধ্যমিক বিদ্যালয় এখন ওৰাং অঞ্চলৰ ৰাইজক শিক্ষাৰ পোহৰ বিলুওৱা একমাত্ৰ শিক্ষানুষ্ঠান । ১৯৫৫ চনতেই স্থাপিত হৈছিল এই বিদ্যালয় খন । ওৰাংৰ একমাত্ৰ এই শিক্ষানুষ্ঠান খনত প্ৰায় ৬০ জনতকৈ অধিক শিক্ষকৰ লগতে কৰ্মচাৰীয়ে ৰাইজৰ স্বাৰ্থত সেৱা আগবঢ়াই আহিছে । তাৰে ভিতৰত এইখন বিদ্যালয়তে যোৱা ১৯৮১চনৰ ৮ মাৰ্চৰ নিজৰ জীৱন শিক্ষকতা আৰাম্ভ কৰি জীৱন অতিবাহিত কৰা এজন সুদক্ষ শিক্ষক নবীন চন্দ্ৰ বৰুৱা ।১৯৫৩চনৰ ১ডিচেম্বৰত জন্ম গ্ৰহন কৰা নবীন চন্দ্ৰ বৰুৱাই ওৰাং উচ্চতৰ মাধামিক বিদ্যালয়ত যোৱা ২০১৩ চনৰ ৩১জানুৱাৰীৰ পৰা ২০১৩ চনৰ ১৯ফেব্ৰুৱাৰীলৈ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহন কৰা অৱসৰ প্ৰাপ্ত শিক্ষক জনৰ আকস্মিক মৃত্যুত সমগ্ৰ ওৰাং অঞ্চলত শোকৰ ছা পৰিছে । ২১ আগষ্ট শনিবাৰে ৰাতিপুৱা ৬ -২০ মান বজাত অৱসৰপ্ৰাপ্ত অধ্যক্ষ নবীন চন্দ্ৰ বৰুৱাৰ পৰলোক প্ৰাপ্তি ঘটে । ওৰাংৰ একমাত্ৰ শিক্ষানুষ্ঠান ওৰাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নবীন চন্দ্ৰ বৰুৱাই অৱসৰ হোৱাৰ ১০দিন মানৰ পূৰ্বে এমাহৰ বাবে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ পদতো অধিষ্ঠিত আছিল ।
শিক্ষক নবীন চন্দ্ৰ বৰুৱাৰ আকস্মিক মৃত্যুৰ খবৰ পাই ক’ভিড প্ৰটকলৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোৰ বহুতো গণ্যমান্য লোকসকলৰ লগতে বিভিন্ন বিদ্যালয়ৰ শিক্ষক সকলৰ উপস্থিতত শিক্ষক বৰুৱাৰ মৃতদেহটো ওৰাং উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ এক শোভাযাত্ৰা উলিওৱা হয় ৷ শোভাযাত্ৰাৰ শেষত ওৰাং উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত তেওঁক সহকৰ্মী শিক্ষক সকলেও পুষ্পঞ্জলি অৰ্পণ কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰে । ওৰাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধক্ষ হৰিলাল শৰ্মাই তেওঁৰ সতীৰ্থ শিক্ষক নবীন বৰুৱাৰ বিষয় বিতংভাৱে প্ৰকাশ কৰি অৱশেষত পুষ্পঞ্জলি অৰ্পণ কৰে ৷, উক্ত বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষক নাৰায়ণ মেধিৰ লগতে বিদ্যালয় খনৰে শিক্ষক গণেশ শইকীয়া , জগদীশ ডেকা , জয়ধন মহাতো , অৱসৰ প্ৰাপ্ত ওৰাং এল পি স্কুল প্ৰধান শিক্ষক তথা ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিক্ষক কৃষ্ণ বৰাৰ লগতে কেইবাজনো শিক্ষকে নবীন বৰুৱাৰ লগত শিক্ষকতা কৰাৰ অভিজ্ঞতা ব্যক্ত কৰে৷
এই গৰাকী আদৰ্শ শিক্ষক গৰাকীৰ মৃত্যুত ওৰাং সাংবাদিক সংস্থা,মাজবাট বিজেপিৰ যুব নেতা কিশোৰ শৰ্মা,বিটিএডি সাংবাদিক সংস্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নব কুমাৰ ডেকা আদি সকলে শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ আন্তৰিক সমবেদনা জনোৱা জনায় ৷

ওদালগুৰিৰ পৰা অমৰজিৎ ৰাভাৰ প্ৰতিবেদন।