ঐতিহ্যমণ্ডিত ১২৫ বছৰীয়া চকচকা চৰকাৰী মজলীয়া বিদ্যালয়ৰ জয়ন্তীৰ কাৰ্যসূচী ঘোষণা

ঐতিহ্যমণ্ডিত ১২৫ বছৰীয়া চকচকা চৰকাৰী মজলীয়া বিদ্যালয়ৰ জয়ন্তীৰ কাৰ্যসূচী ঘোষণা

এম হাছিম আলী, সৰভোগ,ৰঙিলী বাৰ্ত্তাসেৱা-  বৰপেটা জিলাৰ সৰভোগৰ বৰনগৰৰ অন্তৰ্গত ব্ৰিটিছ কালৰ বিদ্যাল়য় “চকচকা চৰকাৰী মজলীয়া বিদ্যালয়”ৰ ১২৫ বছৰীয়া জয়ন্তীৰ কাৰ্যসূচীৰ ঘোষণা কৰে উদযাপন সমিতিয়ে। অহা ২৩, ২৪ আৰু ২৫ নবেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই বিদ্যালয় খনি স্থাপন কৰা হৈছিল ১৮৯৮ চনৰ এক জুলাইত অৰ্থাৎ ব্ৰিটিছৰ আমোলতে। তিনি দিন ধৰি অনুষ্ঠিত কৰিব লগীয়া এই অনুষ্ঠানত ন-পূৰণি ছাত্ৰ-ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰীৰ লগতে কেবাগৰাকীও আমন্ত্ৰিত বিশিষ্ট ব্যক্তিয়ে যোগদান কৰিব আৰু স্থানীয় বৰনগৰ অঞ্চলৰ ৰাইজে দিনটোলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে। ইতিমধ্যে বিদ্যালয় খনৰ থিম চঙ প্ৰস্তুত হোৱাৰ লগতে বৃহদাকাৰৰ পেণ্ডেলৰ লাইখুঁটা স্থাপন কৰা হৈছে। অহা ২৩, ২৪ আৰু ২৫ নবেম্বৰত অনুষ্ঠিত হ’ব লগীয়া অনুষ্ঠানৰ বাবে উদযাপন সমিতিয়ে কাৰ্য্যসূচী ঘোষণা কৰিছে । সেইমতে, ২৩ নৱেম্বৰ বৃহস্পতি বাৰে পুৱা ৯-০ ০বজাত বিদ্যালয়ৰ পতাকা উত্তোলন কৰিব প্ৰধান শিক্ষক খাইৰুল আলমে, ১২৫ বছৰীয়া জয়ন্তীৰ পতাকা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক মনোৰঞ্জন তালুকদাৰে। সমান্তৰাল ভাৱে ১২৫ গৰাকী বিশিষ্ট ব্যাক্তিৰ দ্বাৰা ১২৫ খন পতাকাও উত্তোলন কৰা হ’ব। পুৱা ৯-৩০ বজাত স্মৃতি তৰ্পণ, ৯-৪৫ বজাত প্ৰয়াত শিক্ষক কৰ্মচাৰীলৈ শ্ৰদ্ধাঞ্জলি, ১০-০০বজাত প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ নাম পঞ্জীয়ন, ১০-৩০ বজাত গছপুলি ৰোপণ, ১১-০০ বজাত গ্ৰন্থ মেলাৰ দ্বাৰ মুকলি কৰিব বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ডাঃ মিথিংগা দৈমাৰীয়ে, ১১-১০ বজাত অসম বিজ্ঞান সমিতিৰ “বিজ্ঞান প্ৰদৰ্শনী”ৰ দ্বাৰ মুকলি কৰিব উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি তথা প্ৰাক্তন ছাত্ৰ কৰুণা কান্ত দাস আৰু চিত্ৰ প্ৰদৰ্শনী মুকলি কৰিব সৰভোগ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অমৰ ঘোষে। ১১-৩o বজাত সাংস্কৃতিক শোভা যাত্ৰা উদ্বোধন কৰিব চলচ্চিত্ৰ অভিনেত্ৰী দৰথী ভৰদ্বাজ, আবেলি ২-০০ বজাত প্ৰাক্তন ছাত্ৰী মেহবুবা বেগমৰ স্মৃতিত অসম ভিত্তিত মুকলি কুইজ প্ৰতিযোগিতা আৰম্ভ হ’ব।পৰিচালনা কৰিব দৈনিক অসম কাকতৰ উপ সম্পাদক তথা ‘কুইজ মাষ্টাৰ’ দীপাংকৰ কৌশিকে, সন্ধিয়া ৫-৩০ বজাত বিদ্যালয় খনৰ প্ৰথম প্ৰধান শিক্ষক স্বৰ্গীয় শশীমোহন দে সোঁৱৰণী মঞ্চ উদ্বোধন কৰিব প্ৰাক্তন ছাত্ৰ সঞ্জীৱ দে, সন্ধিয়া ৬-০০ বজাত ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় শিল্পীৰ পৰিৱেশিত ‘সাংস্কৃতিক সন্ধিয়া’ উদ্বোধন কৰিব জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা বিদ্যালয় সমূহৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক ৰাতুল কুমাৰ দাসে। ২৪ নৱেম্বৰ, শুক্ৰবাৰে পুৱা ৮-০০ বজাত চাফাই অভিযান, ৯-০০ বজাত ভেশচন প্ৰতিযোগিতা-পৰিচালনা কৰিব বিদ্যাল়য় খনৰ সহকাৰী শিক্ষক অৱনী কান্ত দাস আৰু পৰিচালনা সমিতিৰ সভাপতি শ্বহীদুল ইছলামে, ১১-০০ বজাত ‘সতীৰ্থ সন্মিলন’-উদ্বোধন কৰিব বৰপেটা জিলাৰ জিলা আয়ুক্ত আয়ুষ গৰ্গে আৰু প্ৰাক্তন ছাত্ৰ তথা বৰপেটা সংসদীয় সমষ্টিৰ প্ৰাক্তন সাংসদ উদ্ধৱ বৰ্মণে। স্মৃতিগ্ৰন্থ উন্মোচন কৰিব বিশিষ্ট নিৱন্ধকাৰ, শিক্ষাৰত্ন অক্ষয় মিশ্ৰই। স্মৃতিগ্ৰন্থৰ সম্পাদকদ্বয় অসম চৰকাৰৰ শিল্পী বঁটা প্ৰাপ্ত ভৱানন্দ দাস পাঠক আৰু ৰচিদ আলি। বৰ্তমানে স্মৃতিগ্ৰন্থ খনি প্ৰকাশৰ পথত। আবেলি ৩-০০ বজাত আলোচনা চক্ৰ- মুকলি কৰিব বৰপেটা জিলাৰ বিদ্যালয় সমূহৰ উপ-পৰিদৰ্শক পৰেশ চন্দ্ৰ শৰ্মাই। আলোচনা চক্ৰৰ বিষয় “ৰাষ্ট্ৰীয় শিক্ষানীতি- ২০২০, সুযোগ আৰু প্ৰত্যাহ্বান” । সঞ্চালনা কৰিব বৰনগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডo বীৰেণ কুমাৰ চক্ৰৱৰ্তীয়ে, আলোচক হিচাপে থাকিব বিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰ তথা অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব শৈলেন্দ্ৰ কুমাৰ নাথ, কে চি দাস বাণিজ্য মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডo ঘনশ্যাম নাথ, বৰপেটা জিলাৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ কেন্দ্ৰ প্ৰতিষ্ঠানৰ অধ্যক্ষ মৃণাল চৌধুৰী, গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক তথা প্ৰাক্তন ছাত্ৰ ডo উৎপল শৰ্মা, গুৱাহাটী ৰাধা গোৱিন্দ বৰুৱা মহবিদ্যালয়ৰ অধ্যক্ষ তথা প্ৰাক্তন ছাত্ৰ ডo প্ৰাণজিৎ কুমাৰ নাথে। সন্ধিয়া ছয় বজাত কন্ঠশিল্পী খগেন গগৈ আৰু আমন্ত্ৰিত অতিথিৰ দ্বাৰা বাৰেৰহনীয়া “সাংস্কৃতিক সন্ধিয়া”ৰ সংগীতানুষ্ঠান উদ্বোধন কৰিব প্ৰাক্তন ছাত্ৰ তথা উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি কৰুণা কান্ত দাসে। ২৫ নৱেম্বৰ,শনিবাৰ -পুৱা ১০-০০ বজাত ‘চিত্ৰাংকন প্ৰতিযোগিতা’- পৰিচালনা কৰিব ৰিংকু দাস, ধনজিৎ নাথে, লিজা কলিতাই। ১১-০০ বজাত কবি সন্মিলন- সঞ্চালনা কৰিব প্ৰাক্তন ছাত্ৰ তথা বিশিষ্ট কবি সমীৰণ মজুমদাৰে আৰু পৰ্য্যালোচনা কৰিব বিশিষ্ট কবি ডাঃ হৰেণ চৌধুৰীয়ে। দিনৰ ২-০০ বজাত ‘মুকলি সভা’ৰ অনুষ্ঠানটিৰ শুভাৰম্ভ কৰিব উদযাপন সমিতিৰ সভাপতি তথা সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে। মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু আৰু বিশিষ্ট অতিথি হিচাপে থাকিব অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, জনীয়া সমষ্টিৰ বিধায়ক ডo হাফিজ ৰফিকুল ইছলাম আৰু দৈনিক অসম কাকতৰ সম্পাদক, বিশিষ্ট লেখক ডo হিতেশ ডেকা। সন্ধিয়া ছয় বজাত সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰিব অসম নাট্য সন্মিলনৰ সভাপতি তথা বৰপেটা সংসদীয় সমষ্টিৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসে। সন্ধিয়াৰ বিশেষ আকৰ্ষণ বৰদৌলগুৰি আঞ্চলিক লখিমী বাৰেৰহনীয়া সাংস্কৃতিক গোষ্ঠীৰ দ্বাৰা অনুষ্ঠান পৰিবেশন আৰু কণ্ঠশিল্পী প্ৰিয়ঙ্কা ভৰালীয়ে গীত পৰিৱেশন কৰিব। উদযাপন সমিতিৰ তৰফৰ পৰা জানিবলৈ দিয়ে যে এই তিনিদিনীয়া অনুষ্ঠানটিত সকলোৱে উপস্থিত থাকি সাফল্য মণ্ডিত কৰি তোলাৰ লগতে যেন সহায় সহযোগ আগবঢ়ায় তাৰ বাবে বিনম্ৰ অনুৰোধ জনাইছে। তেঁওলোকৰ যোগাযোগ নং প্ৰধান শিক্ষক খাইৰুল আলম ৯৪৩৫৪-৮১৪৫২/ ৮৬৩৮০-৩৯৪৮৩।