এ বি ডি ভিলিয়ৰ্ছে ৩৭ বছৰ বয়সত সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ লয়
ৰঙিলী বাৰ্ত্তাসেৱা- দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন অধিনায়ক এ বি ডি ভিলিয়ৰ্ছে ৩৭ বছৰ বয়সত সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে। তেওঁ ‘ধন্যবাদ’ লিখি নিজৰ এখন ফটো শ্বেয়াৰ কৰিছিল। ২০১৮ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা ডি ভিলিয়ৰ্ছে ১১ অক্টোবৰত আই পি এলত কে কে আৰ ৰ বিৰুদ্ধে আৰ চি বিৰ হৈ তেওঁৰ অন্তিমখন ক্ৰিকেট মেচ খেলিছিল। এ বি ডি ভিলিয়ৰ্ছে বিভিন্ন ফৰ্মেটত ৭৪৪ খন খেলত ৩১,২৩৬ ৰাণ সংগ্ৰহ কৰিছিল।