এলায়েন্স অৱ ফেমিনিষ্ট কালেকটিভিটিৰ দীঘলীপুখুৰীপাৰত প্ৰতিবাদ

এলায়েন্স অৱ ফেমিনিষ্ট কালেকটিভিটিৰ দীঘলীপুখুৰীপাৰত প্ৰতিবাদ

ৰঙিলী বাৰ্ত্তাসেৱা-  মণিপুৰত নাৰীৰ অধিকাৰ আৰু সুৰক্ষাৰ বাবে স্বতন্ত্ৰভাৱে কাম কৰা ব্যক্তিবাদী আৰু নাৰীবাদী সংগঠনৰ ঐক্যবদ্ধ মঞ্চ এলায়েন্স অৱ ফেমিনিষ্ট কালেকটিভিটিৰ সৌজন্যত দীঘলীপুখুৰীপাৰত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।সংঘৰ্ষ পীড়িত চুবুৰীয়া ৰাজ্য মণিপুৰৰ বৰ্তমান পৰিস্থিতিৰ গভীৰ উদ্বেগ প্ৰকাশ কৰে৷সংঘৰ্ষৰ নামত নাৰীৰ শৰীৰক এখন যুদ্ধভূমিলৈ ৰূপান্তৰিত কৰা কাৰ্য কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি মত পোষণ কৰে৷মণিপুৰত শান্তি শৃংখলা সোনকালে ঘূৰাই অনাৰ লগতে ভুক্তভোগীক ন্যায় দিয়া আৰু শিশুৰ ওপৰত অত্যাচাৰ বন্ধ কৰক,উত্তৰ পূৰ্বাঞ্চলৰ সকলো জাতি আৰু জনগোষ্ঠীৰ মাজত আস্থা আৰু বিশ্বাসৰ পৰিৱেশ ঘূৰাই আনক আদি দাবীৰে সোচ্ছাৰ হৈ পৰিল দীঘলীপুখুৰীপাৰ।এই আহ্বান জনাই সংগঠনৰ হৈ গীতাৰাণী ভট্টাচাৰ্যই নেতৃত্ব প্ৰদান কৰা প্ৰতিবাদী কাৰ্যসূচীত মম বাটি জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে৷এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰায় ডেৰ শ মহিলা একগোট হৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷