অনলাইন বাৰ্ত্তাসেৱা – টেছলা আৰু স্পেচএক্সৰ মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্কে গগনযান কাৰ্যসূচীৰ বাবে বিকাশ ইঞ্জিনৰ তৃতীয় দীৰ্ঘম্যাদী গৰম পৰীক্ষা সফলতাৰে সম্পন্ন কৰাৰ বাবে টুইটাৰযোগে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ক অভিনন্দন জ্ঞাপন কৰিছে। গগনযানৰ উদ্দেশ্য হৈছে ভাৰতীয় উৎক্ষেপণ বাহন এখনত মানুহক পৃথিৱীৰ নিম্ন কক্ষপথলৈ প্ৰেৰণ কৰাৰ সামৰ্থ্য প্ৰদৰ্শন কৰা।
(UD.)