এপিএছচি- ইউপিএছচিৰ বাবে অসম ছাত্ৰ পৰিষদৰ তৰফৰ পৰা বিনামূলীয়া কʼচিংৰ সুবিধা

pc Twitter

এপিএছচি- ইউপিএছচিৰ বাবে অসম ছাত্ৰ পৰিষদৰ তৰফৰ পৰা বিনামূলীয়া কʼচিংৰ সুবিধা

অনলাইন বাৰ্ত্তাসেৱা–  ‘মিছন ১০০০ চিভিল ছাৰ্ভেণ্টছ’ ৰ্শীষক বিনামূলীয়া অনলাইন কʼচিং সেৱা শুভাৰম্ভ কৰিছে অসম ছাত্ৰ পৰিষদে।অগপৰ সভাপতি তথা কৃষি, পশুপালন, সমবায়, অসম চুক্তি বিভাগৰ মন্ত্ৰী অতুল বৰাই আমবাৰীস্থ মুখ্য কাৰ্যালয়তএপিএছচি- ইউপিএছচিৰ বাবে অসম ছাত্ৰ পৰিষদৰ তৰফৰ পৰা বিনামূলীয়া কʼচিংৰ সুবিধা এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। অসম ছাত্ৰ পৰিষদৰ এই প্ৰয়াসৰ শলাগ লৈ মন্ত্ৰী অতুল বৰাই কয় যে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক প্ৰতিযোগিতামূলক পৰীক্ষাত অসমৰ শিক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈ যাতে আশানুৰূপে সফলতা লাভ কৰিব পাৰে তাৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপে তেওঁলোকক বিশেষভাৱে উপকৃত কৰিব।উল্লেখযোগ্য যে এই অনুষ্ঠানতে ছাত্ৰ পৰিষদৰ নীতি- আদৰ্শ আৰু কৰ্মস্পৃহাৰ প্ৰতি আকৃষ্ট হৈ কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি-সম্পাদক প্ৰমুখ্যে শতাধিক শিক্ষাৰ্থী তথা যুৱকে আনুষ্ঠানিকভাৱে অগপৰ ভাতৃ সংগঠনটোত যোগদান কৰে।

(R.T)