এন চি পিৰ প্ৰতিষ্ঠা দিৱস

এন চি পিৰ প্ৰতিষ্ঠা দিৱস

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ এন চি পিৰ ২৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদ্‌যাপন কৰা হয়৷ কাৰ্যসূচী অনুসৰি দলীয় পতাকা উত্তোলন কৰে অসম ৰাজ্যিক এন চি পিৰ সভাপতি ধীৰেন্দ্ৰ দেৱ অধিকাৰীয়ে৷ তাৰ পাছতে জননেতা শৰৎ চন্দ্ৰ সিংহৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে জ্যেষ্ঠ সাংবাদিক অদীপ কুমাৰ ফুকনে৷এন চি পিৰ জ্যেষ্ঠ নেতা পৰেশ বৰুৱাই জননেতা শৰৎ চন্দ্ৰ সিংহৰ ৰাজনৈতিক জীৱনৰ অৱদান সম্পৰ্কে ব্যাখ্যা কৰে৷দিৱসৰ লগত সংগতি ৰাখি দেশৰ সাম্প্ৰতিক ৰাজনৈতিক, অৰ্থনৈতিক, সমাজনীতিৰ ওপৰত এক পৰ্যালোচনা কৰা হয়৷