এনেদৰে আৰু কিমান দিন ? – কাজি শ্বাহাদত ইছলাম

PC - Flickr
এনেদৰে আৰু কিমান দিন ?
কাজি শ্বাহাদত ইছলাম
মই বিৰোধ কৰোঁ যদিও
ৰঙা ৰং এতিয়া মোৰ শয্যাসংগিনী !
আইন মতে দণ্ডণীয় যদিও
প্ৰতিনিয়ত সহবাসবিহীন পাৰ নহয় মোৰ কোনো ৰজনী !
উদং ভৰিৰে কাঁইটীয়া বাট পাৰ হওঁতেই
দিনৰ বাৰ বাজিল,
সন্ধিয়ানো আৰু কিমান দূৰ…!
নাজানো দিনক দিনে মই কিদৰে কলা হৈ আছোঁ…
নাজানো অন্ধত্বৰ চক্ৰবেহুত কিদৰে নিজেই ফচিছোঁ…
নুশুনো চৰায়ে পুৱা-গধূলি গোৱা সুমধুৰ গান…
নেদেখোঁ ব’হাগী বতৰত অৰণ্য হয় কত ৰূপৱান…
দুখৰ ষ্টোভত যান্ত্ৰণাৰ ৰুটি সেকি
এনেদৰে আৰু কিমান দিন?