এতিয়া উশাহ-নিশাহতো টেক্স লগাব বিজেপি চৰকাৰে: অজাপ

Pc Twitter

এতিয়া উশাহ-নিশাহতো টেক্স লগাব বিজেপি চৰকাৰে: অজাপ

ৰঙিলী বাৰ্ত্তাসেৱা- দৈ-চিৰাৰ পৰা আৰম্ভ কৰি হাস্পতালৰ বিচনা আৰু শিশুৰ কলম-পেঞ্চিললৈ অতি জৰুৰী সামগ্ৰীসমূহৰ জি এছ টি বৃদ্ধিৰে উক্ত সামগ্ৰীসমূহৰ মূল্য বৃদ্ধিত চৰকাৰে ইন্ধন যোগোৱা কাৰ্যক শোষণৰ কদৰ্য নিদৰ্শন আখ্যা দিছে অসম জাতীয় পৰিষদ দলে৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক বিবৃতিত কয় যে জনসাধাৰণক ভাল দিনৰ সপোন দেখুৱাই ক্ষমতালৈ অহা বিজেপি চৰকাৰে বৃটিছৰ ইষ্ট ইণ্ডিয়া কোম্পানীতকৈয়ো জঘন্য শোষকৰ ৰূপ ধাৰণ কৰিছে৷ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ ওপৰত থকা চৰকাৰী নিয়ন্ত্ৰণ প্ৰত্যাহাৰেৰে বজাৰৰ ওপৰত একচেটিয়া কৰ্তৃত্ব খটোৱাবলৈ বনিয়া গোষ্টীসমূহক সুযোগ দি বিজেপি চৰকাৰে ইতিপূৰ্বেই জনসাধাৰণৰ জীৱনলৈ বেয়া দিন নমাই আনিলে৷ এতিয়া এপদ এপদকৈ অন্য সকলো সামগ্ৰীৰ ওপৰত কৰৰ বোজা বৃদ্ধি কৰি ৰাইজৰ জীৱন অসহনীয়াভাৱে কোঙা কৰি পেলাইছে৷ মুখেৰে বৰ বৰ সুৱলা জনমুখী কথা কৈ ক্ষমতা দখল কৰা বিজেপি দলৰ চৰকাৰে এতিয়া যেন উশাহ-নিশাহৰ ওপৰতহে কৰ লগাবলৈ বাকী ৰাখিছে৷ এনে গণবিৰোধী চৰকাৰ চলোৱা বিজেপি দলৰ আচল চৰিত্ৰ ৰাইজে এতিয়াহে বুজি পাইছে বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই কয় যে বিজেপিৰ চৰকাৰে দেশৰ মূল্যবান সম্পদসমূহ এপদ এপদকৈ বিক্ৰী কৰি চৰকাৰখনক দেউলীয়া কৰি তুলিছে আৰু আনহাতে ৰাইজৰ ওপৰত কৰৰ বোজা বৃদ্ধি কৰি চৰকাৰ চলোৱাৰ খৰচ উলিয়াইছে৷ এনে পৰিৱেশ অব্যাহত থাকিলে ভৱিষ্যতলৈ জনসাধাৰণৰ পানীত হাঁহ নচৰা অৱস্থা হ’ব৷সদ্য কৰ বৃদ্ধি কৰা সামগ্ৰীসমূহকে ধৰি জনসাধাৰণৰ জীৱন আৰু জীৱিকাৰ সৈতে জড়িত সামগ্ৰীসমূহৰ ওপৰত আৰোপিত জি এছ টি প্ৰত্যাহাৰ কৰিবলৈ নেতাদ্বয়ে চৰকাৰৰ ওচৰত দাবী জনায়৷