অসমত ৮০ লাখ বাসগৃহ, কার্যালয়, দোকানত জাতীয় পতাকা উত্তোলনৰ লক্ষ্য 

Pc Pinterest

হৰ ঘৰ তিৰংগা

অসমত ৮০ লাখ বাসগৃহ, কার্যালয়, দোকানত জাতীয় পতাকা উত্তোলনৰ লক্ষ্য 

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- ওসমগ্ৰ দেশৰ লগতে অসমতাে অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে ৮০ লাখ বাসগৃহ, কার্যালয়, দোকানত জাতীয় পতাকা উত্তোলন কৰা হ। কেন্দ্রীয় চৰকাৰৰ সংস্কৃতি মন্ত্রালয়ে হাতত লােৱা ‘হৰ ঘৰ তিৰংগা’ কার্যসূচীৰ অংশস্বৰূপে ৰাজ্যখনৰ গ্রাম্য আৰু নগৰাঞ্চলৰ বাসগৃহৰ লগতে ব্যৱসায়িক প্রতিষ্ঠান, চৰকাৰী-বেচৰকাৰী কার্যালয়, শিক্ষানুষ্ঠানসমূহত এইদিন কেইটাত জাতীয় পতাকা উত্তোলনৰ লক্ষ্য স্থিৰ কৰা হৈছে।  উল্লেখ্য যে দেশৰ স্বাধীনতাৰ ৭৫ বছৰ পূর্তি উপলক্ষে দেশজুৰি উদযাপিত হৈ থকা ‘আজাদী কা অমৃত মহােৎসৱৰ অংশস্বৰূপে এইবাৰ কেন্দ্ৰীয় চৰকাৰে হৰ ঘৰ তিৰংগা’ নামৰ এক অন্যন্য কার্যসূচী হাতত লৈছে। এই কার্যসূচীৰ অধীনত কেন্দ্রীয় চৰকাৰে সমগ্ৰ দেশত মুঠ ২০ কোটি বাসগৃহত জন অংশীদাৰিত্বৰে জাতীয় পতাকা উত্তোলনৰ লক্ষ্য স্থিৰ কৰিছে। দেশৰ গৌৰৱৰ প্রতীক জাতীয় পতাকা উত্তোলনেৰে দেশবাসীৰ মনত দেশপ্রেম বৃদ্ধি আৰু জাতীয় পতাকাৰ সৈতে দেশবাসীৰ সম্পর্ক অধিক সুদৃঢ় কৰাই হ’ল এই কাৰ্যসূচীৰ মূল লক্ষ্য।  অসমত এই কার্যসূচী সফল কৰাৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগ, তথ্য আৰু জনসংযােগ বিভাগকে আদি কৰি অন্যান্য চৰকাৰী বিভাগৰ সৈতে যাৱতীয় পৰিকল্পনা প্রস্তুত কৰিছে। সেই অনুসৰি পঞ্চায়ত আৰু গ্রামােন্নয়ন বিভাগে অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ অধীনত থকা ৰাজ্যখনৰ আত্মসহায়ক গােটসমূহৰ জৰিয়তে স্থানীয়ভাৱেবৃহৎসংখ্যাত জাতীয় পতাকা উৎপাদনৰ কাম আৰম্ভ কৰিছে। পতাকা উৎপাদনৰ সমান্তৰালকৈ কামাে বিভাগটোৱে আৰম্ভ কৰিছে। সর্বাধিক জনঅংশীদাৰিত্বৰে এই কাৰ্যসূচীৰ সফলতা নিশ্চিত কৰাৰ বাবে চৰকাৰে ব্যাপক সজাগতামূলক কার্যসূচীও হাতত লৈছে। সজাগতা কার্যসূচীৰ জৰিয়তে জন অংশীদাৰিত্ব নিশ্চিত কৰাৰ লগতে জাতীয় পতাকাৰ সৈতে জড়িত দিশসমূহ সম্পর্কে সাধাৰণ জনতাৰ মাজত জ্ঞান বৃদ্ধিৰাে প্রয়াস গ্রহণ কৰা হৈছে।