এডভান্টেজ আছাম ২.০ৰ সফলতাৰ বাৰ্তা ৰাইজৰ ওচৰলৈ নিয়াৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এডভান্টেজ আছাম ২.০ৰ সফলতা তথা উদ্যোগীকৰণৰ দিশে আগবঢ়া অসমলৈ বিনিয়োগকাৰীয়ে দেখুওৱা আগ্ৰহৰ বাৰ্তাক সাধাৰণ জনতাৰ মাজলৈ নিয়াৰ বাবে বিধায়ক-সাংসদসকলক আহ্বান জনালে। ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত এই উপলক্ষে আয়োজিত এক বৈঠকত মুখ্যমন্ত্ৰী ড° শর্মাই এডভান্টেজ আছামৰ জৰিয়তে সৃষ্টি হোৱা প্রায় ৫ লাখ কোটি টকাৰ বিনিয়োগৰ সম্ভাৱনাই ৰাজ্যৰ অৰ্থনীতিৰ পৰিৱেশ সলনি কৰাই নহয়, এই বিনিয়োগ সন্মিলনে কেনেকৈ অনাগত দিনত অসমৰ ঔদ্যোগিক আৰু অর্থনৈতিক ক্ষেত্ৰত প্ৰভাৱ পেলাব সেই সন্দৰ্ভত সাধাৰণ ৰাইজক অৱগত কৰাৰ বাবে বিধায়ক আৰু সাংসদসকলক বিশেষ উদ্যোগ ল’বলৈ পৰামৰ্শ দিয়ে। উল্লেখ্য যে বিধায়ক আৰু সাংসদসকলৰ সৈতে প্রতি তিনি মাহৰ মূৰে মূৰে মুখ্যমন্ত্ৰী ড° শর্মাই বৈঠক অনুষ্ঠিত কৰি আহিছে। মুখ্যতঃ ৰাজ্য চৰকাৰৰ উন্নয়নমূলক কাম-কাজ তথা আঁচনিসমূহক সৰ্বসাধাৰণৰ ওচৰলৈ নিয়াৰ বাবে বিধায়কসকলে কিধৰণে আগবাঢ়িব সেই সন্দৰ্ভত নির্দেশনা প্ৰেৰণ কৰি আহিছে। বিশেষকৈ ২০২৬ চনৰ বিধানসভা নির্বাচনক লৈ বিধায়ক-সাংসদসকলৰ ভূমিকা কি হ’ব, সেই সন্দৰ্ভত হৈ যোৱা বৈঠকতো মুখ্যমন্ত্রীয়ে এলানি নির্দেশ দিছিল। চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত বিধায়কসকলে নিজ নিজ সমষ্টিত তেওঁলোকে দিয়া প্রতিশ্রুতিসমূহ ৰূপায়ণৰ লগতে চৰকাৰৰ আঁচনিসমূহ ক্ষিপ্ৰ ৰূপায়ণতো ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী ড° শর্মাই। পূৰ্বৰ বৈঠকৰ নিৰ্দেশ তথা পৰামৰ্শাৱলী পুনৰ বিশ্লেষণ কৰাৰ লগতে মুখ্যমন্ত্ৰী ড° শর্মাই এডভান্টেজ আছাম ২.০ৰ জৰিয়তে ৰাজ্য চৰকাৰে লাভ কৰা সফলতা তথা অর্থনৈতিক সম্ভাৱনাক বিশেষভাৱে সমষ্টিসমূহত প্ৰচাৰ তথা ৰাইজৰ ওচৰলৈ নিয়াৰ নিৰ্দেশ দিয়ে বিধায়ক-সাংসদসকলক। উল্লেখ্য যে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে অহা অক্টোবৰ মাহৰ পৰাই আৰম্ভ হ’ব দলীয় ৰাজনৈতিক কুচকাৱাজ। প্রতিটো সমষ্টিত বিজেপিয়ে কি ধৰণৰ ৰণকৌশল প্ৰস্তুত কৰিব তাক লৈ হ’ব বিশেষ পর্যালোচনা। সেয়েহে ছেপ্টেম্বৰ মাহৰ পূৰ্বে বিধায়কসকলক নিজ নিজ সমষ্টিৰ কাম সম্পূৰ্ণ কৰি অক্টোবৰৰ পৰা নিৰ্বাচনৰ লক্ষ্যৰে দলীয় কাম-কাজ কৰিব লাগিব বুলি বৈঠকত স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰী ড° শর্মাই । এডভান্টেজ আছাম ২.০ৰ লগতে ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানৰ জৰিয়তে চাহ বাগিচা অঞ্চলত বিজেপিয়ে লাভ কৰিব পৰা বিশেষ অগ্রগতি সন্দৰ্ভতো উজনিৰ বিধায়কসকলক কাম কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী ড° শর্মাই। ৰাজ্যিক বিজেপিৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠানৰ জৰিয়তে বিজেপিয়ে প্রতিখন চাহ বাগিচাত দলীয় শক্তি বৃদ্ধি কৰাৰ সুযোগ লাভ কৰিছে।