এছ. বি. আই. লাইফৰ গোলাঘাট ভিত্তিক ৰন্ধন প্ৰতিযোগিতা: প্রায় অৰ্ধসত্বাধিক প্ৰতিযোগী যোগদান

এছ. বি. আই. লাইফৰ গোলাঘাট ভিত্তিক ৰন্ধন প্ৰতিযোগিতা: প্রায় অৰ্ধসত্বাধিক প্ৰতিযোগী যোগদান

মৃগাংক বৰুৱা, গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা- এছ. বি. আই. লাইফৰ গোলাঘাট শাখাৰ উদ্যোগত এখন আকৰ্ষণীয় ৰন্ধন প্ৰতিযোগিতা সম্পন্ন হয়। উক্ত প্ৰতিযোগিতাত প্রায় অৰ্ধসত্বাধিক প্ৰতিযোগীয়ে যোগদান কৰে। উল্লেখযোগ্য যে হেমপ্ৰভা বৰবৰা মহাবিদ্যালয়ৰ দুগৰাকী প্ৰবক্তা বিচাৰক হিচাবে উপস্থিত থাকে। উদ্যোগণিমুলক বঁটাৰে সৈতে মুঠতে দহ টা পুৰস্কাৰ প্ৰদান কৰা হয়। প্ৰথম পুৰস্কাৰ লাভ কৰে নিতু শৰ্মা মহন্তই, দ্বিতীয় ৰিনা ছেত্ৰী, তৃতীয় হয় বন্দনা হাজৰিকা। এই প্ৰতিযোগিতা খন পৰিচালনা আগভাগ লয় এছ. বি. আই. লাইফৰ সহ আঞ্চলিক পৰিচালক সঞ্জীৱ কেওত আৰু শাখা পৰিচালক নিপন বৰাই। আঞ্চলিক পৰিচালক সঞ্জীৱ কেওতে কয় যে বৰ্তমানৰ ডিজিটেল পৃথিবীত যাতে কিছু সামাজিক কৰ্ম কৰি আমাৰ মানসিক শান্তি লাভ কৰিবলৈ এটা দিনত এনেদৰে মানুহে ইজনে সিজনক লগ পোৱাটো খুব প্রয়োজন।