বাৰ্ত্তাসেৱা- ডুবাইত অনুষ্ঠিত এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত পৰাস্ত হ’ল শিৱ থাপা। ফাইনেলৰ ৬৪ কেজি শাখাত স্বর্ণ পদকৰ বাবে মংগোলিয়াৰ বাটাৰচুখৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছিল শিৱ থাপা। উত্তেজনাপূর্ণ মেচখনত থাপা পৰাজিত হয় ২-৩ ব্যৱধানত। শিৱ থাপাৰ এইটো হ’ল এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ক্রমাগত পঞ্চমটো পদক ৷ ইয়াৰ লগে লগে এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ সবাতোকৈ সফল পুৰুষ বক্সাৰ হিচাপে পৰিগণিত হ’ল শিৱ । আনহাতে এই চেম্পিয়নশ্বিপত স্বর্ণ পদেকেৰে উজলি উঠিল ভাৰতীয় বক্সাৰ পূজা ৰাণী। পূজাই স্বর্ণ পদক দখল কৰাৰ বিপৰীতে ফাইনেলত প্ৰৱেশ কৰা আন – দুগৰাকী বক্সাৰ লালবুৱাটছাহি আৰু অনুপমাই ৰূপৰ পদকতে ক্ষান্ত থাকিবলগীয়া হ’ল ৷
এছিয়ান বক্সিং চেম্পিয়নশ্বিপত পৰাস্ত হ’ল শিৱ থাপা
