এগৰাকী গৰ্ভৱতী মহিলাৰ চিকিৎসাত গাফিলতি
ৰঙিলী বাৰ্ত্তাসেৱা- এগৰাকী গৰ্ভৱতী মহিলাৰ চিকিৎসাত গাফিলতিৰ কৰাৰ অভিযোগত ডিমা হাচাওত চিকিৎসকসহ ৯গৰাকী স্বাস্থ্যকৰ্মীক নিলম্বন কৰা হৈছে।কৰ্তব্যত হেমাহি কৰাৰ বাবেই লোৱা হৈছে এই সিদ্ধান্ত।জানিব পৰা মতে ডিমা হাচাওৰ খেপ্ৰা স্বাস্থ্য কেন্দ্ৰলৈ সংকটজনক অৱস্থাত প্ৰসূতি গৰাকীক লৈ যোৱা হৈছিল।কিন্তু স্বাস্থ্য কেন্দ্ৰটোৰ দুৱাৰত লাগি আছিল এটা প্ৰকাণ্ড তলা।তাৰ পিছতেই ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল প্ৰসৱ বেদনাত ছটফটাই থকা মহিলাগৰাকীৰ ভিডিঅ’।এই ঘটনাৰ পিছতে তদন্তৰ অন্তত কৰ্তব্যত হেমাহি তথ্য পোহৰলৈ অহাত লগে লগেই চিকিৎসকসহ ৯ জন কৰ্মচাৰীক নিলম্বন কৰাৰ হ’ল।