একেৰাহে ৪৮ ঘণ্টাৰ বাবে পেট্ৰ’ল পাম্প বন্ধৰ সিদ্ধান্ত;  পেট্ৰ’ল পাম্প ডিলাৰ্ছ এচ’ছিয়েশ্বনৰ ঘোষণা

rongilibarta

একেৰাহে ৪৮ ঘণ্টাৰ বাবে পেট্ৰ’ল পাম্প বন্ধৰ সিদ্ধান্ত;  পেট্ৰ’ল পাম্প ডিলাৰ্ছ এচ’ছিয়েশ্বনৰ ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা – শুক্ৰবাৰৰ পৰা একেৰাহে ৪৮ ঘণ্টাৰ বাবে পেট্ৰ’ল ডিপো বন্ধ ঘোষণা। ২৪ অক্টোবৰলৈ বন্ধৰ আহ্বান নৰ্থ ইষ্ট পেট্ৰ’ল পাম্প সংস্থাৰ গুৱাহাটী শাখাৰ। অহা ২২ অক্টোবৰৰ পুৱা ৬ বজাৰ পৰা ২৪ অক্টোবৰৰ পুৱা ৬ বজালৈ ৰাজ্যৰ সকলো পেট্ৰ’ল পাম্প বন্ধ থাকিব। সংস্থাৰ ১০ দফীয়া দাবীক কাৰ্যত ৰূপ দিয়াৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে। পেট্ৰ’ল কোম্পানী সমূহৰ মইমতালিৰ বাবে এই প্ৰতিবাদী সিদ্ধান্ত গ্ৰহণ কৰিছে ডিলাৰ্ছ এচ’ছিয়েশ্বনে।