একালত ‘আজি’ কাকত আৰু পাছলৈ DY365 ৰ সাংবাদিক তথা বিশ্বনাথৰ গৌতম হাজৰিকাৰ বিয়োগ

একালত ‘আজি’ কাকত আৰু পাছলৈ DY365 ৰ সাংবাদিক তথা বিশ্বনাথৰ গৌতম হাজৰিকাৰ বিয়োগ

ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্বনাথ জিলা সাংবাদিক সংস্থা আৰু বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাবৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰা প্ৰাক্তন সাংবাদিক গৌতম হাজৰিকাৰ গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত মৃত্যু হয়।বিশ্বনাথ চাৰিআলি লেহুগাঁওৰ গৌতম হাজৰিকা গুৱাহাটীত DY365 নামৰ চেটেলাইত টিভি চেনেলত কৰ্মৰত অবস্থাত উচ্চ ৰক্তচাপ জনীত ৰোগত আক্ৰান্ত হৈছিল।শেহতিয়াকৈ গুৱাহাটীতে বাসকৰা গৌতম হাজৰিকা পুনৰ উচ্চ ৰক্তচাপত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাতে আজি সন্ধ্যা শেষ নিশ্বাস ত্যাগ কৰে।অধুনালুপ্ত আজি কাকতত পাভৈ,বিশ্বনাথ চাৰিআলিৰ সাংবাদ দাতা হিচাপে সেৱা আগবঢ়োৱাৰ পাছত ‘আজি’ৰ বিশ্বনাথ সংস্কৰণৰ তত্বাবধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।তদুপৰি সাংস্কৃতিক প্ৰতিবেদক ৰূপে গুৱাহাটীত চেটেলাইত টিভি চেনেলৰ সেৱা আগবঢ়োৱাৰ লগতে হাজৰিকা নিজেও এজন গীতিকাৰ আৰু সুৰকাৰ ৰূপে সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল। গৌতম হাজৰিকাৰ মৃত্যুৰ বাতৰি বিশ্বনাথত বিয়পি পৰাৰ লগে লগে গুণমুগ্ধ সকলৰ মাজত শোকৰ ছাঁ পৰে।ইতিমধ্যে হাজৰিকাৰ মৃত্যুত বিশ্বনাথ জিলা সাংবাদিক সন্থাৰ সভাপতি নৰেন বৰা,,বিশ্বনাথ চাৰিআলি প্ৰেছ ক্লাবৰ উপদেষ্টা নিৰঞ্জন হাজৰিকা,বসন্ত বৰা,সভাপতি পুলক হাজৰিকা,সাধাৰণ সম্পাদক আমিৰ খানকে ধৰি বিভিন্ন জাতীয় দল সংগঠন তথা গুণমুগ্ধই শোক প্ৰকাশ কৰাৰ লগতে তেওঁৰ পবিত্ৰ আত্মাৰ চিৰশান্তি কামনা কৰে আৰু শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।