একল অভিযান নগাঁও অঞ্চলৰ অন্তৰ্গত ৰহা, জাগীৰোড আৰু মিকিৰভেটা সঞ্চৰ আচাৰ্য-আচাৰ্যা সকলৰ অভ্যাস আৰু প্ৰশিক্ষণ বৰ্গ আৰম্ভ

একল অভিযান নগাঁও অঞ্চলৰ অন্তৰ্গত ৰহা, জাগীৰোড আৰু মিকিৰভেটা সঞ্চৰ আচাৰ্য-আচাৰ্যা সকলৰ অভ্যাস আৰু প্ৰশিক্ষণ বৰ্গ আৰম্ভ

টুকটুকী, ৰঙিলী বাৰ্ত্তাসেৱা-   একল অভিযান অঞ্চলৰ অন্তৰ্গত ৰঙা, জাগীৰোড আৰু মিকিৰভেটা এই তিনিটা সঞ্চৰ আচাৰ্য-আচাৰ্যা সকলৰ ১০ দিনীয়া অভ্যাস আৰু প্ৰশিক্ষণ বৰ্গ আজিৰে পৰা আৰম্ভ হৈছে। চৰাইবাহী ভোমোৰাগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এই অভ্যাস আৰু প্ৰশিক্ষণ বৰ্গ আজি এগছি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে মৰিগাঁও জিলাৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। এই বৰ্গত প্ৰত্যেক দিনে পুৱা ৫ বজাৰ পৰা আৰম্ভ হৈ ৰাতি ১০ বজালৈ লৈ সত্ৰ(প্ৰশিক্ষণ) চলিব। আজি এই প্ৰশিক্ষণ বৰ্গৰ শুভাৰম্ভণি অনুষ্ঠানত নগাঁও অঞ্চলৰ অভিযান প্ৰমুখ অতুল মহানন্দ, সঞ্চ প্ৰমুখ ক্ৰমে মঞ্জুমণি কোৱঁৰ, ৰুমি বৰা, মিন্ট বায়নৰ লগতে একল অভিযানৰ কাৰ্য্যকৰ্তা আৰু আচাৰ্য-আচাৰ্যাা সকল উপস্থিত থাকে।