এইমছ উদ্বোধন কৰাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক নিমন্ত্ৰণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

pc-facebook

এইমছ উদ্বোধন কৰাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক নিমন্ত্ৰণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নতুন দিল্লীত উপস্থিত হয়। দিল্লীত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ব্যাপক তৎপৰতা পৰিলক্ষিত হ’ল। মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্রীয় ৰসায়ন আৰু সাৰ তথা স্বাস্থ্যমন্ত্রী মনছুখ মাণ্ডাভিয়া, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শাহক সাক্ষাৎ কৰাৰ পাছত সন্ধিয়া প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰে এক গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়৷লোককল্যাণ মাগস্থিত প্রধানমন্ত্রী মোদীৰ চৰকাৰী বাসভবনত অনুষ্ঠিত এই বৈঠকত মুখ্যমন্ত্রী ড° শৰ্মাই অসমত ৰূপায়িত বিভিন্ন প্রকল্প আঁচনিসমূহৰ খতিয়ান দাঙি ধৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ শেহতীয়া পৰিস্থিৰ বিষয়ে অবগত কৰায়। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে তেওঁ সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লগ পাইছিল। তেওঁক ৰাজ্যৰ শেহতীয়া পৰিৱেশ বিশেষকৈ কোভিড প্রতিষেধক প্ৰদানৰ যিটো পৰ্যায়, সেই বিষয়ে বিশদভাৱে জনাই।লগতে প্ৰধানমন্ত্ৰী মোদীক নৱেম্বৰ মাহৰ ভিতৰত ১০০শতাংশ কোভিড প্ৰতিষেধৰ প্ৰথম ডʼজ ভেকচিন সম্পূৰ্ণ কৰিম বুলিও অৱগত কৰাই। অসমৰ বিভিন্ন প্ৰকল্পলৈ যিখিনি কথা চলি আছে সেই সম্পৰ্কেওপ্ৰধানমন্ত্ৰী অৱগত কাই তেওঁ। মুখ্যমন্ত্রী ড° শৰ্মাই সম্প্ৰতি অসমত নির্মীয়মাণ অবস্থাত থকা সৰ্বভাৰতীয় আয়ুর্বিজ্ঞান প্রতিষ্ঠান চমুকৈ এইমছ উদ্বোধন কৰাৰ বাবে প্রধানমন্ত্রী মোদীক নিমন্ত্ৰণ কৰা বুলিও জানিবলৈ দিয়ে।