এইমছৰ নিৰ্মাণকার্য লেহেমীয়া হোৱাত ক্ষোভ প্রকাশ কেন্দ্রীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডাভিয়াৰ

Pc- The Hindu business Line

এইমছৰ নিৰ্মাণকার্য লেহেমীয়া হোৱাত ক্ষোভ প্রকাশ কেন্দ্রীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডাভিয়াৰ

ৰঙিলী বাৰ্ত্তাসেৱা- আই আই টি, গুৱাহাটীত অনুষ্ঠিত এখন সভাত কেন্দ্রীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডাভিয়াই এইমছৰ নিৰ্মাণকার্য লেহেমীয়া হোৱাত ক্ষোভ প্রকাশ কৰিছে। কেন্দ্রীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এইমছৰ নিৰ্মাণকার্য সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত পূৰ্বনিৰ্ধাৰিত সময়তকৈ যথেষ্ট বিলম্ব ঘটাক লৈ মূল নির্মাণকাৰী সংস্থা এ বি চি হাইট্‌ছক জবাবদিহি কৰাৰ লগতে ছমাহৰ ভিতৰত সমগ্ৰ প্ৰকল্পটোৰ নিৰ্মাণকার্য সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে।গুৱাহাটী এইমছৰ অৱশিষ্ট নির্মাণকাৰ্যৰ লগতে ফেকাল্টীৰ বাবে প্রয়োজনীত প্ৰাৰম্ভিক ব্যৱস্থাকে ধৰি আন আনুষংগিক কাম-কাজ সঠিকভাৱে তথা সময়নির্দিষ্ট ৰূপত ক্ষিপ্ৰতাৰে আগবঢ়াব পৰাকৈ শীঘ্ৰে এইমছত এগৰাকী আই এ এছ বিষয়াক উপ-সঞ্চালকৰ দায়িত্ব অর্পণ কৰাৰ বাবেও প্ৰস্তাৱ আগবঢ়ায় মাণ্ডাভিয়াই।