এআইডিএছঅ’ৰ নাগালেন্দত নেতাজীৰ জন্ম জয়ন্তীপালন

এআইডিএছঅ’ৰ নাগালেন্দত নেতাজীৰ জন্ম জয়ন্তীপালন

ৰঙিলী বাৰ্ত্তাসেৱা- ছাত্ৰ সংগঠন এ আই ডি এছ অ’ উদ্যোগত আৰু পাব্লিক কলেজ , ডিমাপুৰৰ সহযোগত ২৫ জানুৱাৰীত প্ৰথমবাৰৰ বাবে নাগালেণ্ডত স্বাধীনতা আন্দোলনৰ আপোচহীন বিপ্লৱী ধাৰাৰ সৰ্বশ্ৰেষ্ঠ প্ৰতিনিধি নেতাজী সুভাষচন্দ্ৰ বসুৰ ১২৭ সংখ্যক জন্ম বাৰ্ষিকী যথাযোগ্য মৰ্যাদাৰে পলন কৰা হয়। এই উপলক্ষে দিনৰ ১১:০০বজাত তিনি শতাধিক ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত পাব্লিক কলেজ,ডিমাপুৰত এক আলোচনা সভা অনুষ্ঠিত হয়। মহাবিদ্যালয়খনৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক ড° প্ৰদীপ চক্ৰৱৰ্তীৰ পৰিচালনাত অনুষ্ঠিত আলোচনা সভাত উদ্বোধনী বক্তব্য ৰাখে মহাবিদ্যালয়ৰ উপাধ্যক্ষ দুলাল মজুমদাৰে। বক্তব্যত তেওঁ নগালেণ্ডৰ ৰাজধানী চহৰ কহিমাৰ পৰা ৫০ কিলোমিটাৰ দুৰত অৱস্থিত চেছেজুৰ নিবাসী ৯৫ বছৰীয়া ভেজু সুয়োৰোৰ স্মৃতি ৰোমন্থন কৰে।ভেজু সুয়োৰোৱে নেতাজীৰ লগত কিদৰে আজাদ হিন্দ ফৌজত যুক্ত হৈ স্বাধীনতা আন্দোলনত ভুমিকা পালন কৰিছিল সেই ইতিহাস মনোজ্ঞভাৱে দাঙি ধৰি মজুমদাৰে সভাখন জীপাল কৰি তোলে। মহাবিদ্যালয়ৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক কিতাকলি জি যিমোমিয়ে শলাগৰ শৰাই আগবঢ়োৱা সভাত নিদিষ্ট বক্তা হিচাপে বক্তব্য ৰাখে এ আই ডি এছ অ ৰ সৰ্বভাৰতীয় কমিটীৰ সম্পাদক মণ্ডলীৰ সদস্য হেমন্ত পেগুৱে। তেওঁ স্বাধীনতা আন্দোলনত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ গৌৰৱোজ্জ্বল ইতিহাস দাঙি ধৰে আৰু বিশেষকৈ আজাদ হিন্দ ফৌজৰ ঐতিহাসিক সংগ্ৰামে নাগালেণ্ড সহ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত কিদৰে আলোড়ন সৃষ্টি কৰিছিল সেয়া ভেজু সুয়োৰোৰ স্মৃতি কথাই আকৌ এবাৰ জলজল পটপট কৰি দিয়ে বুলি উল্লেখ কৰে।কেৱল ভেজু সুয়োৰোৱেই নহয় সমগ্ৰ দেশৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ সমূহ স্বাধীনতা প্ৰিয় ৰাইজৰ মানস পটত নেতাজীৰ বিৰল দেশপ্ৰেমিক চৰিত্ৰৰ কথা আজিও ভাঁহি আছে। সাম্প্ৰতিক সময়ত দেশৰ কঠিন পৰিস্থিতিত নেতাজীৰ আদৰ্শ আৰু চিন্তা ব্যাপক হাৰত চৰ্চা কৰাৰ প্ৰয়োজন দেখা দিছে। নেতাজীয়ে বিচৰা ভাৰতবৰ্ষৰ সপোন আজিও অপূৰিত। এই অপূৰিত সপোন পূৰণ কৰিবলৈ হ’লে নেতাজী সুভাষচন্দ্ৰ বসুৰ জীবন সংগ্ৰামক পাথেয় হিচাপে লৈ বৰ্তমান সময়ৰ যুগোপযোগী আদৰ্শক সৰোগত কৰিব লাগিব বুলি তেওঁ দৃঢ় মত ব্যক্ত কৰে। আজিৰ সমাজত এই পথেৰেই নেতাজীৰ দৰে হাজাৰ হাজাৰ চৰিত্ৰৰ সৃষ্টি হ’ব। বৰ্তমান সময়ত এয়া আটাইতকৈ বেছি জৰুৰী।সেয়া কৰিব পাৰিলেই নেতাজীক প্ৰকৃত শ্ৰদ্ধা জ্ঞাপন কৰা হ’ব।সমগ্ৰ দেশত AIDSO ই এই কাম কৰাৰ বাবে আজি প্ৰতিজ্ঞাৱদ্ধ। শেষত পেগুৱে নেতাজীয়ে কোৱাৰ দৰে- ‘আদৰ্শৰ বাবে এজন ব্যক্তিৰ মৃত্যু হ’ব পাৰে,কিন্তু তেওঁৰ মৃত্যুৰ পিছতো হাজাৰ জনৰ জীৱনৰ যোগেদি সেয়া পৰিস্ফুট হৈ উঠিব।” আজি আমিও আজাদ হিন্দ ফৌজৰ ঐতিহাসিক সংগ্ৰামত নাগালেণ্ডৰ গৌৰৱোজ্জ্বল ঐতিহ্যৰ ধাৰাবাহিকতাত তেওঁৰ আদৰ্শক পাথেয় কৰি আমাৰ জীৱন সংগ্ৰাম জীৱন্ত ৰখাৰ বাবে সংকল্পবদ্ধ হ’বলৈ উদাত্ত্ব আহ্বান জনায়।