এআইএডিএমকেৰ সাধাৰণ সম্পাদক হিচাপে ই পালানিস্বামীৰ নিযুক্তি বৈধ নহয়: মাদ্ৰাজ উচ্চ ন্যায়ালয়

Pc NDTV.com

এআইএডিএমকেৰ সাধাৰণ সম্পাদক হিচাপে ই পালানিস্বামীৰ নিযুক্তি বৈধ নহয়: মাদ্ৰাজ উচ্চ ন্যায়ালয়

ৰঙিলী বাৰ্ত্তাসেৱা-  ই পলানিস্বামীৰ সৰ্বভাৰতীয় আন্না দ্ৰাবিড় মুন্নেত্ৰ কাঝাগাম (এআইএডিএমকে)ৰ সাধাৰণ সম্পাদক হিচাপে নিযুক্তি বৈধ নহয় বুলি মাদ্ৰাজ উচ্চ ন্যায়ালয়ে প্ৰকাশ কৰিছে। ২০২২ চনৰ ১১ জুলাইৰ পৰা এআইএডিএমকেৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে পলানিস্বামী।এআইএডিএমকেৰ অ’ পান্নীৰচেলভামে দলৰ ১১ জুলাইত অনুষ্ঠিত সাধাৰণ পৰিষদৰ বৈঠকৰ বিৰুদ্ধে আবেদন দাখিল কৰিছিল। উল্লেখযোগ্য যে পালানিস্বামী তামিলনাডু বিধানসভাৰ বিৰোধী দলৰ নেতাও।