উৰিষ্যাৰ কটকত নাজিৰাৰ অংকুৰণ সংগীত বিদ্যালয়ৰ সাফল্য 

উৰিষ্যাৰ কটকত নাজিৰাৰ অংকুৰণ সংগীত বিদ্যালয়ৰ সাফল্য 
যদুমণি হাজৰিকা,নাজিৰা, ৰঙিলী বাৰ্ত্তাসেৱা- উৰিষ্যাৰ কটকত (৩  – ৭) জানুৱাৰীলৈকে অনুষ্ঠিত হোৱা কটক  মহোৎসৱত নাজিৰাৰ অংকুৰণ সংগীত বিদ্যালয়ৰ সৰ্বমুঠ ১৩ গৰাকী ছাত্ৰ ছাত্ৰীয়ে সত্ৰীয়া নৃত্য, অৰ্ধ শাস্ত্ৰীয় নৃত্য আৰু লোকনৃত্য প্ৰতিযোগিতাত বিভিন্ন পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই প্ৰতিযোগিতা খনিত অংকুৰণ সংগীত বিদ্যালয় নাজিৰাই শ্ৰেষ্ঠ বিদ্যালয় খিতাপ অৰ্জন কৰাৰ লগতে বিদ্যালয়ৰ অধ্যক্ষ  ৰেখামণি বৰুৱাই  ৰাষ্ট্ৰীয় নৃত্য গুৰু কলা শিৰোমণি সন্মান লাভ কৰে। ইয়াৰোপৰি বিদ্যালয়খনিৰ পাঁচ গৰাকী ছাত্ৰ ছাত্ৰীয়ে নৃত্য মণি সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।বিভিন্ন শাখাত অনুষ্ঠিত প্ৰতিযোগিতা খনিত লোক নৃত্য দ্বৈতত (ৰিচাশ্ৰী চেতিয়া, উপাসনা ভৰালী )প্ৰথম, ভোৰতাল নৃত্যত   প্ৰথম । অৰুণিমা কলিতা শাস্ত্ৰীয় নৃত্যত প্ৰথম, লোকনৃত্য আৰু অৰ্ধশাস্ত্ৰীয়ত দ্বিতীয় । বিশাল বড়া শাস্ত্ৰীয় নৃত্যত প্ৰথম, অৰ্ধশাস্ত্ৰীয়ত দ্বিতীয়, লোকনৃত্যত তৃতীয়। দৃষ্টিপ্ৰিয়া গগৈ শাস্ত্ৰীয় নৃত্যত তৃতীয়। বাস্তৱিকা গগৈ শাস্ত্ৰীয় আৰু অৰ্ধশাস্ত্ৰীয় নৃত্যত দ্বিতীয় লোকনৃত্যত তৃতীয়। বৰষা দত্ত অৰ্ধশাস্ত্ৰীয়ত দ্বিতীয়, শাস্ত্ৰীয় আৰু লোকনৃত্যত তৃতীয়। চিনথিয়া গগৈ অৰ্ধশাস্ত্ৰীয় আৰু লোকনৃত্যত প্ৰথম, শাস্ত্ৰীয় নৃত্যত দ্বিতীয়। মিঠুৰাজ গগৈ শাস্ত্ৰীয় নৃত্যত প্ৰথম। শ্ৰাৱণী শইকীয়া লোকনৃত্যত তৃতীয়। কাশ্যপী সন্দিকৈ শাস্ত্ৰীয় আৰু অৰ্ধশাস্ত্ৰীয় নৃত্যত দ্বিতীয় লোকনৃত্যত তৃতীয়। মূৰ্চ্ছনা হাতীমূৰীয়া লোকনৃত্যত তৃতীয়। অভিস্পা শাস্ত্ৰীয় নৃত্যত তৃতীয়।অংকুৰণ বিদ্যালয়ৰ এনে সাফল্যত নাজিৰাৰ সচেতন মহলে অভিনন্দন জনাইছে ।