উৎকট গৰমৰ পৰা কিছু সকাহ পোৱাৰ সম্ভাৱনা

Pc The Janambhumi

উৎকট গৰমৰ পৰা কিছু সকাহ পোৱাৰ সম্ভাৱনা

ৰঙিলী বাৰ্ত্তাসেৱা-  গোলকীয় উত্তাপৰ প্ৰভাৱ যেন অসমতো আৰম্ভ হৈছে।যাৰ বাবে ভাদ মাহতো ৰাজ্যবাসীয়ে প্ৰচণ্ড গৰম সহ্য কৰিবলগীয়া হৈছে।কিন্তু ইয়াৰ মাজতে আহিছে এক আশাৰ সঞ্চাৰ।ৰাজ্যবাসীয়ে উৎকট গৰমৰ পৰা কিছু সকাহ পোৱাৰ আশা আছে।কাৰণ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিছে বৰষুণৰ সংকেত।আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত অসমৰ কিছু কিছু ঠাইত বৰষুণৰ সম্ভাৱনা আছে।বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জনোৱা মতে, ২৪ ঘণ্টাৰ ভিতৰত অসমৰ কিছু কিছু ঠাইত ধাৰাসাৰ বৰষুণ হোৱাৰ উপৰিও কিছু ঠাইত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে।তদুপৰি প্ৰান্তে প্ৰান্তে বিজুলী ধেৰেকেনি হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে, গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা ৩৬.৩ ডিগ্ৰী ছেলচিয়াছ, ডিব্ৰুগড়ত ৩৫.৮ ডিগ্ৰী ছেলচিয়াছ, তেজপুৰত ৩৫.৬ ডিগ্ৰী ছেলচিয়াছ, শিলচৰত ৩৪.৮ ডিগ্ৰী ছেলচিয়াছ, ধুবুৰীত ৩৪.৩ ডিগ্ৰী ছেলচিয়াছ আৰু উত্তৰ লখিমপূৰত ৩৪.৯ ডিগ্ৰী চেলচিয়াছ।