উপলব্ধি- শ্ৰী ৰূপ ৰেখা ঠাকুৰ

Pc- realize the truth- medium

উপলব্ধি

ৰসেশ্বৰ মাষ্টৰৰ ছোৱালী ভানুমতি পঢ়াই শুনাই দেখাই শুনাই সকলোৰে চকুত লগা এজনী সহজ সৰল অমায়িক ছোৱালী। তাই মাক নাইকিয়া ঘৰখনত তিনিজনী ভনীয়েক আৰু ভায়েকক মাকৰ মৰম দি ডাঙৰ দীঘল কৰিছে। নিজৰ পঢ়াৰ লগতে তাই ভাই ভনীয়েকৰ পঢ়া-শুনা ৰ যত্ন লয়। তাই বিএ ফাইনেল দিয়া বছৰতেই দেউতাকেও এই সৎসাৰৰ মায়ামোহ এৰি সিহঁতৰ মাজৰ পৰা আতঁৰি গল। ঘৰখন ৰ দায়িত্ব ভানুমতি ৰ ওপৰতেই পৰে।তাই এম এই পঢ়াৰ চিন্তা বাদদি ঘৰখনৰ কথা ভাবি দেউতাকৰ চাকৰিটো পালত দেউতাকৰ স্কুলতেই সোমাই। স্কুলৰ সকলো ছাত্ৰ ছাত্ৰী য়ে ভানুমতী ক বৰ ভাল পায়। স্কুলৰে মাক দেউতাক নথকা ৰামলালকো তাই নিজৰ ঘৰতেই ৰাখি পঢ়া-শুনা ৰ দায়িত্ব লয়।যথাসময়ত তিনিওজনী ভনীয়েকক সুপাত্ৰত গতাই দিয়ে। ভায়েককো অতি কষ্টৰে মেডিকেল পঢ়োৱাই। উচ্চ শিক্ষাৰ বাবে আমেৰিকালৈ যোৱা ভায়েকৰো বায়েকৰ খবৰ এটা ল’বলৈ সময় নাই। বয়সহৈ অহাৰ লগে-লগে ভানুমতী কো বিভিন্ন বেমাৰে লগ নেৰা হ’ল। ভনীয়েক কেইগৰাকীৰো ঘৰৰ অসুবিধা দেখুৱাই বায়েকৰ খাখবৰ ল’বলৈ সময় নাই।ৰামলালেই এতিয়া একমাত্ৰ সাৰথি। ভানুমতী য়ে এতিয়া উপলব্ধি কৰিছে ৰামলালৰ লগত তেজৰ একো সম্পৰ্ক নাথাকিলেও বৃদ্ধ অৱস্হাত ৰামলালেহে চোৱা-চিতা কৰিছে। নিজৰ তেজ মঙহৰ সম্পৰ্ক ৰ ভাই-ভনীৰ অসহায় অৱস্থাত বায়েকক মাত এষাৰ দিবলৈও সময় নাই। ভানুমতী য়ে উপলব্ধি কৰিছে সম্পৰ্ক এটা গঢ় ল’বলৈ তেজৰ সম্পৰ্ক ৰ প্ৰয়োজন নাই মনৰ সম্পৰ্ক হে আচল ৰামলালেই জয়ন্ত উদাহৰণ।

শ্ৰী ৰূপ ৰেখা ঠাকুৰ
দেৰগাঁও