উদীয়মান অভিনেতা বিজয় শংকৰ শইকীয়াৰ মৃত্যু

উদীয়মান অভিনেতা বিজয় শংকৰ শইকীয়াৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ উদীয়মান অভিনেতা, নাট পৰিচালক বিজয় শংকৰ শইকীয়াৰ আকস্মিক মৃত্যু।তেজপুৰ ঊষানগৰ নিবাসী আছিল বিজয় শংকৰ। বিজয় প্ৰয়াত যশস্বী কৌতুক অভিনেতা উদয় শংকৰ শইকীয়াৰ পুত্ৰ।তেওঁ নিশা শুই থকা অৱস্থাতে মৃত্যুক আঁকোৱালি লয়। হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু অভিনেতা বিজয় শংকৰৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। মৰণোত্তৰ পৰীক্ষা অন্তত বিজয়ক মৃতদেহ তেওঁ ঘৰলৈ নিয়া হ’ব। আজি বিয়লি তেওঁৰ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব।