উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা আয়ুস্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি মিছন মুকলি

pc Daily Excelsior

উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা আয়ুস্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি মিছন মুকলি

ৰঙিলী বাৰ্ত্তাসেৱা – দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভার্চুৱেলযোগে দেশৰ স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি অধিক শক্তিশালীকৰণৰ লক্ষ্যৰে তেওঁৰ সংসদীয় সমষ্টি উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা আয়ুস্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি মিছন মুকলি কৰে এই বৃহত্তম আঁচনিখন মুকলি কৰি প্রধানমন্ত্রী গৰাকীয়ে কয়— এই ধ্বজাবাহী মিছনে দেশৰ স্বাস্থ্যখণ্ডক নতুন শক্তি আৰু নতুন বিকাশ দিব। আত্মবিশ্বাস আৰু আত্মনিৰ্ভৰতাৰে দেশৰ স্বাস্থ্যখণ্ডক উজ্জীৱিত কৰি তুলিব। পৰৱৰ্তী সময়ত দেশত মহামাৰীৰ সৈতে যুঁজাৰ ক্ষেত্ৰত দেশক অধিক শক্তিশালী কৰি তুলিব। তদুপৰি প্রধানমন্ত্ৰীগৰাকীয়ে কয়— ভাৰতত সদায়েই স্বাস্থ্যখণ্ডত বৃহত্তম আৰু শ্ৰেষ্ঠ বিনিয়োগ কৰাক লৈ বিশ্বাস আছে। চৰকাৰে ১৩০ কোটি জনগণৰ স্বাস্থ্য আৰু কল্যাণৰ বাবে বিনিয়োগ কৰি আছে। আমি সকলোৱে দেখিছোঁ যে দেশত স্বাস্থ্যখণ্ডৰ অৱস্থা ইমান উন্নত নহয়। কিন্তু এই নতুন মিছনে দেশৰ স্বাস্থ্যখণ্ডৰ সা-সুবিধাত বৈপ্লৱিক পৰিৱৰ্তন অনাৰ সুযোগ আছে। ইপিনে, মুকলি কৰা আঁচনিখনৰ অধীনত দেশৰ গাঁৱে-চহৰে স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ মুকলি কৰা হ’ব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই কেন্দ্ৰসমূহৰ জৰিয়তে ৰোগ চিনাক্ত আৰম্ভতে কৰিব পৰা যাব। যিকোনো ৰোগে ভয়াৱহ ৰূপ লোৱাৰ পূৰ্বে চিনাক্তকৰণৰ ক্ষেত্ৰত নতুনকৈ মুকলি কৰা কেন্দ্ৰসমূহে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিব পাৰিব। দেশৰ ৬০০ জিলাত ক্রিটিকেল কেয়াৰ হাস্পতাল ব্লক স্থাপন কৰা হ’ব। আয়ুস্মান ভাৰত স্বাস্থ্য আঁচনি মুকলি কৰাৰ লগতে তেওঁৰ সমষ্টিত ৫,২০০ কোটিৰে উন্নয়নমূলক প্রকল্প মুকলি কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।