উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ সাধাৰণ সভা

উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থাৰ সাধাৰণ সভা

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ উজান বজাৰস্থিত হোটেল ব্লু মুনত উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা (নেমচু)ৰ উদ্যোগত কেন্দ্ৰীয় সমিতি গঠন কৰাৰ বাবে কালি সাধাৰণ সভাৰ পৰিৱৰ্তে ন পুৰণি বিষয় ববীয়া তথা কৰ্মকৰ্তা সহ প্ৰায় ৪৫ জন ব্যক্তিৰ উপস্থিতিত এক আলোচনা সভা অনুষ্ঠিত হয়। উল্লেখ থাকে যে ২১ মে’ত সংখ্যালঘু ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক (প্ৰা ) জিয়াউল হক, সাধাৰণ সম্পাদক জাকিৰ হুছেইন তালুকদাৰৰ চিল মোহৰ ও স্বাক্ষৰ সম্বলিত পত্ৰত গোলাপ ৰাবানি, বাহাৰুল ইছলাম, হাফিজুল হক, নৱ গঠিত নেমচুৰ কৰ্মকৰ্তাৰ বিৰুদ্ধে লতাশিল আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল।ইয়াৰ পৰিপ্ৰেক্ষিতত নতুন, পুৰণি দুয়োটা কেন্দ্ৰীয় কমিটীৰ বিষয় ববীয়া তথা কৰ্মকৰ্তা সহিতে আলোচনা সভা মৰ্মে থানাৰ এজাহাৰ প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয়। আকৌ ৪ জুনৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত আলোচনা মৰ্মে তেওঁলোকে ক্ৰমে প্ৰাক্তন সাধাৰণ সম্পাদক জীয়াউল হক, সাধাৰণ সম্পাদক জাকিৰ হুছেইন তালুকদাৰ, আৰু নতুন কমিটীৰ ক্ৰমে গোলাপ ৰাবানী, বাহাৰুল ইছলাম, হাফিজুল হক আদিৰ নেতৃত্বত আলোচনা মৰ্মে পৰৱৰ্তী কেন্দ্ৰীয় কাৰ্য্য নিৰ্বাহক কমিটী গঠনৰ দায়িত্ব অৰ্পন কৰে। বৰ্তমান চূড়ান্ত কমিটী গঠন নোহোৱালৈকে ৪ জুনলৈ পুৰণা কমিটীয়েই বাহাল থাকিব বুলি তেওঁলোকে সিদ্ধান্ত লয়।