উত্তৰ অসমৰ ৰাইজৰ বাবে  বিশেষ দিন

Pc- wikipedia

উত্তৰ অসমৰ ৰাইজৰ বাবে  বিশেষ দিন

ৰঙিলী বাৰ্ত্তাসেৱা-  লখিমপুৰ মেডিকেল কলেজে পালে আনুষ্ঠানিক স্বীকৃতি৷বহু জল্পনা কল্পনাৰ অৱসান ঘটিল।অৱশেষত National medical Councilৰ গ্ৰীণ চিগনেল পালে লখিমপুৰ মেডিকেল কলেজে।মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ও টুইট কৰি ৰাইজক দিলে এই শুভ সংবাদ।LMCয়ে স্বীকৃতি পোৱাৰ লগে লগে অসমত ১০০ খন আসন বৃদ্ধি হ’ল চিকিৎসা বিজ্ঞান শিক্ষাৰ।NEET পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতেই চলিত বৰ্ষত চিকিৎসা মহাবিদ্যালয় খনত নামভৰ্তি আৰম্ভ হ’ব।১০০ জন ছাত্ৰ ছাত্ৰীৰে আৰম্ভ হ’ব পাঠদান৷বিগত ৯ আগষ্টত National medical Council ৰ এটা দুজনীয়া দলে পৰিদৰ্শন কৰিছিল চিকিৎসা মহাবিদ্যালয়খন। কেইবা গৰাকী সহকাৰী অধ্যাপকৰ অনুপস্থিতি আৰু আনুষংগিক কিছু বিজুতিৰ বাবেই প্ৰথম পৰ্যায়ত বাতিল হৈছিল চিকিৎসা মহাবিদ্যালয়খনৰ স্বীকৃতি । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চিকিৎসা মহাবিদ্যালয়খন পৰিদৰ্শন কৰি কাম কাজ ক্ষীপ্ৰ গতিত কৰিবলৈ নিৰ্দেশ দিছিল কৰ্তৃপক্ষক।অৱশ্যে এতিয়াও তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বহু সংখ্যক কৰ্মচাৰীক নিযুক্তি দিয়া হোৱা নাই।যাৰ বাবে মহাবিদ্যালয় তথা চিকিৎসালয়খন সুচল ৰূপত চলাত অসুবিধাত পৰিব পাৰে চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষ।মহাবিদ্যালয় খনৰ স্বীকৃতিয়ে উত্তৰ অসমত তৰান্বিত কৰিলে চিকিৎসা বিজ্ঞান শিক্ষাৰ প্ৰসাৰ।NMC ৰ আনুষ্ঠানিক স্বীকৃতি পাই সুখী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু অধীক্ষক৷