ক্ৰাইম বাঞ্চৰ জালত হাই প্ৰফাইল আই পি এল জুৱাৰী

pc- Asianet Newsable

ক্ৰাইম বাঞ্চৰ জালত হাই প্ৰফাইল আই পি এল জুৱাৰী

ৰঙিলী বাৰ্ত্তাসেৱা-  ক্ৰাইম বাঞ্চৰ জালত পৰিল হাই প্ৰফাইল আই পি এল জুৱাৰী৷আটকধীন জুৱাৰী কেইটাৰ নাম দিপেশ বাজৰীয়া , ৰৌণক বাজৰীয়া, ৰাজেশ জৈন৷মহানগৰীৰ বিভিন্ন স্থানত আইপিএল বুকী হিচাপে চলাই গৈছিল জুৱা৷গুৱাহাটীৰ ফাঁচীবজাৰকে ধৰি মহানগৰীৰ কেইবাটাও স্থানত অভিযান চলাই ক্ৰাইম বাঞ্চয়ে৷তিনিওজনে সমগ্ৰ ৰাজ্যতে চলাই আহিছিল আই পি এল জুৱাৰ নেক্সাচ।আৰু বহু লোক জালত পৰাৰ সম্ভাৱনা আছে । ইতিমধ্যে বহু তথ্য লাভ কৰিছে ক্ৰাইম বাঞ্চে৷ কালি নিশা গুৱাহাটীৰ বিভিন্ন স্থানত ক্ৰাইম বাঞ্চে চলাইছিল অভিযান।ক্ৰাইম এডিচিপিৰ নেতৃত্বত পুৱতি নিশালৈ চলিছিল অভিযান।