উজনি অসমৰ লৰা
মই উজনিৰ এটি সৰু পৰিয়ালৰ লৰা,
সৰুকালত উজনিতে খেলা-ধুলা কৰা।
আমাৰ ঘৰৰ ওচৰতে কাঁচজান নদী বৈছে,
এনে লাগিছে নদীখনে জীৱনৰ অৰ্থ বুজাইছে।
আমাৰ ঘৰৰ ফালে সামগ্ৰীৰ অভাৱ নাই,
বঙালী-অসমী লোক থাকে যেনে ভাই-ভাই।
এই ঠাই খনৰ স্মৃতি মনে নুগুছাই,
গাঁও খন মন্দিৰৰ বাবে আৰু জিকমিকাই।
ঘৰৰ ওচৰৰ সকলোৱে মোক কোলাত লৈছিল,
এই সময়বোৰ হে কেতিয়াও পাহৰিব নোৱাৰা আছিল।
মা-দেউতাৰ নিতিষ্মান নামত পৰিলে চকু,
কিন্তু ঘৰৰ ওচৰ চুবুৰীয়াই মোক মাতে নিকু।
প্রথম বিদ্যা আৰম্ভ অঙ্গনবাড়ীৰে,
পাছত আগবঢ়াই নিলে প্রাগজ্যোতিকা আৰু চেইণ্ট মেৰিজে।
সৰুকালৰ স্মৃতি মনত পৰিলে চকুলো সৰে,
কি কৰোঁবাৰু মৰমৰ ঠাই খনি সুন্দৰ কৰিবলে।
আঘোণ মাহত ওচৰৰ কৃষি ভূমিত ধাননিৰে ভৰিছে,
নাজানো এই সময়ত কিয়! ককা আইতালৈ মনত পৰিছে।
সকলোৰে দৰে মই নাপালো ককা আইতাৰ সুখ,
এইটোৱেই মোৰ জীৱনৰ অত্যন্ত ডাঙৰ দুখ।
নিতিষ্মান দাস
সপ্তম শ্রেণী