উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ শিক্ষাৰ্থীসকলক অহা ৩০ নৱেম্বৰত স্কুটী বিতৰণ 

PC - The Meghalayan

উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ শিক্ষাৰ্থীসকলক অহা ৩০ নৱেম্বৰত স্কুটী বিতৰণ 

ৰঙিলী বাৰ্ত্তাসেৱা-  উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক অহা ৩০ নৱেম্বৰত বিতৰণ কৰা হ’ব স্কুটী। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৬০ শতাংশ নম্বৰসহ উত্তীর্ণ ছাত্ৰী আৰু ৭৫ শতাংশ বা ততোধিক নম্বৰসহ উত্তীর্ণ ছাত্ৰক ৰাজ্য চৰকাৰৰ ফালৰ পৰা স্কুটী প্ৰদান কৰা হ’ব। সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰিছে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে। তেওঁ শিক্ষাৰ্থীসকলক স্কুটীৰ নামত এটকাও আদায় দিয়াৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়। শিক্ষামন্ত্রীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি বিতৰণ কৰিবলগীয়া স্কুটীসমূহৰ বীমা আৰু পঞ্জীয়নৰ সকলো খৰচ চৰকাৰীভাৱে বহন কৰা হৈছে। অৱশ্যে এক দুষ্টচক্রই বহুসংখ্যক শিক্ষাৰ্থীক পঞ্জীয়ন আৰু বীমাৰ নামত ইউপিআইৰ জৰিয়তে ধন আদায় দিবলৈ মেছেজ প্ৰেৰণ কৰিছে। শিক্ষামন্ত্ৰীগৰাকীয়ে তেনে বাৰ্তাক সঁহাৰি নিদিবলৈ শিক্ষার্থীসকলক আহ্বান জনাইছে। ইয়াৰ বিপৰীতে পঞ্জীয়ন অথবা বীমাৰ বাবে ধন বিচাৰি কোনো লোকে ফোন অথবা মেছেজ প্ৰেৰণ কৰিলে সেই সন্দৰ্ভত সংশ্লিষ্ট শিক্ষানুষ্ঠানৰ অধ্যক্ষক সদৰী কৰিবলৈ তেওঁ আহ্বান জনায়।