উখল-মাখল পৰিৱেশেৰে মাজুলীত উদযাপন ফাকুৱা উৎসৱ
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- সমগ্র ৰাজ্যৰ লগতে সত্ৰ নগৰী মাজুলীতো ফাল্গু উৎসৱ উখল- মাখল পৰিৱেশেৰে উদযাপন হয়। মাজুলীৰ সত্ৰানুষ্ঠান সমূহত তিনিৰ পৰা চাৰি দিনীয়াকৈ অনুষ্ঠিত হোৱা ফাকুৱা উৎসৱ আজি আবিৰৰ গীতে-মাতে মুখৰিত হোৱা এক উদুলি মুদুলি পৰিৱেশেৰে সামৰণি পৰে। সত্ৰ, গাঁও সকলোতে আৱিৰৰ ৰঙেৰে ৰঙীন হৈ পৰা পৰিলক্ষিত হ’ল। মাজুলীৰ সত্ৰীয়া পৰম্পৰাত আধ্যাত্মিকতা আৰু মৌলিকতা ৰক্ষিত ফাকুৱা উৎসৱৰ অন্তিম দিনা আবিৰৰ ৰঙীন পৰশ , পৰম্পৰাৰ ধাৰাবাহিকতা আৰু আধ্যাত্মিকতা বিজড়িত ধৰ্মীয় ৰীতি-নীতি তথা ভকত-বৈষ্ণৱৰ উল্লাস-উদ্দীপনাই মাজুলীত দৃষ্টিনন্দন পৰিবেশৰ সৃষ্টি কৰে ৷ দক্ষিণপাট সত্ৰত আজি অন্তিম দিনা ফাকুৱা উৎসৱত ভাগ ল’লে ইংলেণ্ডৰ পৰ্যটকে । ঐতিহ্যমণ্ডিত সত্ৰখনিত ৩৭০ বছৰীয়া সত্ৰীয়া পৰম্পৰাৰে আৰম্ভ হোৱা এই ফাকুৱা উৎসৱত প্ৰথম দিনা দুটা দোলন , দ্বিতীয় দিনা এটা দোলন হোৱাৰ পাছত সত্ৰখনিৰ ভকত বৈষ্ণৱ আৰু অঞ্চলবাসী ৰাইজে আনন্দত মতলীয়া হৈ আজি হোলীৰ গীত গাই ভগৱন্তক পৰিভ্ৰমণ কৰাই । ভগৱন্তৰ লীলাই সকলোৰে মনত আনন্দ বৰ্ষী সমাজৰ অশুভ অশান্তি দূৰ কৰি এখন সুস্থ সৱল সমাজ এই কাৰ্যৰ মাজেৰে গঢ় লোৱাৰ কামনা কৰে সত্ৰাধিকাৰ ননী গোপাল দেৱগোস্বামীয়ে। গড়মূৰ সত্ৰত আজি অন্তিম দিনা গোঁসাই ফুৰোৱা দিনটোত সত্ৰখনত প্ৰাতঃ পূজা-অৰ্চনা , হোম যজ্ঞৰ পূৰ্ণাহুতি আদি ধৰ্মীয় কাৰ্যসূচী অনুষ্ঠিত হয়। বিয়লি সত্ৰৰ বৈষ্ণৱ- আইসকল নামঘৰত সমবেত হৈ হোলী গীত পৰিবেশন কৰি ফাকু গুৰি চটিয়াই আনন্দ-উল্লাস কৰে ৷ ইয়াৰ পিছতে দোলাত আসনসহ মহাপ্ৰভুক সত্ৰাধিকাৰ আৰু বৰপূজাৰীয়ে ফানৈ ঘৰলৈ কান্ধত লৈ আনি বৈষ্ণৱক দিয়ে ৷ মহাপ্ৰভুক দোলাত লৈ সত্ৰৰ চৌদিশ পৰিভ্ৰমণ কৰাৰ উপৰি সমীপৰ গাওঁ সমূহো পৰিভ্ৰমণ কৰে ৷ খোল-তাল , ঢোল , ডবা , কাঁহ , ভকত-বৈষ্ণৱ, আয়তীয়ে হোলী গীত গাই ফাকু ছটিয়াই উলিওৱা শোভাযাত্ৰাত গোপাল মহাপ্ৰভুক পদূলিয়ে পদূলিয়ে বৈষ্ণৱ সকলে সেৱা কৰে ৷ পৰম্পৰা অনুসৰি লক্ষ্মীদেৱীৰ ফৈদে নামঘৰৰ বাট বন্ধ কৰি শ্ৰীকৃষ্ণক নামঘৰত প্ৰৱেশত বাধা দিয়ে ৷ এই লৈ দুই ফৈদৰ মাজত প্ৰীতি যুদ্ধ হয় ৷ যুদ্ধৰ শেষত শ্ৰীকৃষ্ণৰ ফৈদে পৰাজয় বৰণ কৰি এক লাখ স্বৰ্ণ মুদ্ৰা লক্ষ্মীদেৱীৰ পক্ষক দিবলৈ ৰাজী হোৱাৰ পাছতহে দুয়ো পক্ষই গোপাল মহাপ্ৰভুক দোলাসহ নামঘৰত প্ৰৱেশ কৰে ৷ তাৰ পিছতে ভকত-বৈষ্ণৱে হোলী গীত পৰিবেশন কৰে ৷ নামৰ শেষত আৰ্শীবাদ প্ৰদানৰ পাছত মাহ-প্ৰসাদ আৰু ভোগ বিতৰণেৰে তিনিদিনীয়া ফাকুৱা উৎসৱৰ সামৰণি পৰ। । আনহাতে গড়মূৰ সৰু সত্ৰটো তিনিদিনীয়াকৈ ফাল্গু উৎসৱ অনুষ্ঠিত হয়। আজি সত্ৰ খনটো এই উৎসৱৰ সামৰণি পৰে ইয়াৰ উপৰিও বেঙেনাআটী সত্ৰ , চামগুৰি সত্ৰ , দক্ষিণপাট সত্ৰ, টকৌবাৰী সত্ৰ , সাৰজান ন সত্ৰ আদিতো পৰম্পৰা ৰক্ষা কৰি ৰঙৰ উৎসৱ ফাকুৱা উলহমালহেৰে উদ্যাপন কৰে। অৱশ্যে বেঙেনাআটী সত্ৰত পূৰ্বৰ পৰম্পৰা অনুসৰি চাৰিদিনীয়াকৈ এই উৎসৱ পালন কৰি আহিছে। প্ৰথমদিনা মেষ দাহ, দ্বিতীয় দিনা মহাপূজা আজি জুৰনি আৰু কাইলৈ চতুৰ্থ দিনা ফুৰনিৰে চাৰিদিনীয়া ফাকুৱা উৎসৱৰ সামৰণি পৰিব। এইদৰে আজি পুৱাৰে পৰা মাজুলীৰ সত্ৰ , গাওঁ সমূহত ধৰ্মীয় ৰীতিনীতি , পৰম্পৰা , মৌলিকতা ৰক্ষাৰে গোসাঁইক দোলাত লৈ গোঁসাই ফুৰোৱা কাৰ্যসূচীৰে ফাকুৱা উৎসৱৰ সামৰণি পৰে ৷