ঈদৰ প্ৰাকমুহূৰ্তত মৈৰাবাৰীত ৰে’লৰ চেপাত মৃত্যু এজনৰ

ঈদৰ প্ৰাকমুহূৰ্তত মৈৰাবাৰীত ৰে’লৰ চেপাত মৃত্যু এজনৰ

মৈৰাবাৰী ,ৰঙিলী বাৰ্ত্তাসেৱা- ঈদৰ বজাৰ দিবলৈ যোৱাটোয়ে কাল হল মৈৰাবাৰীৰ হাতীমূৰীয়া গাঁৱৰ জহুৰ আলিৰ। কালি ৰাতিপুৱা মৈৰাবাৰীত এনে এক ঘটনা সংগঠিত হৈছে। জানিব পৰা মতে-ৰাতিপুৱা মৈৰাবাৰী থানাৰ অন্তৰ্ভুক্ত হাতীমূৰীয়া কলনী গাঁৱৰ জহুৰ আলি নামৰ ব্যক্তিজন ঈদৰ বজাৰ দিবলৈ জোঁৱাইৰ ঘৰত যাবলৈ ওলাইছিল।কিন্তু ব্যক্তি জনৰ ৰে’লৰ চেপাত দুৰ্ভাগ্যজনক বাবে মৃত্যু হয়। হাতীমূৰীয়া গাঁৱৰ জহুৰ আলিৰ দুৰ্ভাগ্যজনক মৃত্যুত অঞ্চলজুৰি শোকৰ ছা পৰিছে।