‘ইন্দ্ৰধনুছ – ২০২২ কল আজ অৰ কল’ অনুষ্ঠান

pc Twitter

‘ইন্দ্ৰধনুছ – ২০২২ কল আজ অৰ কল’ অনুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনস্থ সাংস্কৃতিক সম্পদ আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ দ্বাৰা আয়োজিত কাৰ্যক্ৰম ‘ইন্দ্ৰধনুছ – ২০২২ কল আজ অৰ কল’ অনুষ্ঠানটো ২১ মে’ৰ পৰা ১জুনলৈ নতুন দিল্লীত আৰু ইয়াৰ অন্য আঞ্চলিক কেন্দ্ৰ সমূহত অনুষ্ঠিত হৈছিল। গুৱাহাটীৰ আঞ্চলিক কেন্দ্ৰই দুখন চৰকাৰী বিদ্যালয়ত দুটা কৰ্মশালাৰ আয়োজন কৰে। সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনস্থ সাংস্কৃতিক সম্পদ আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ আঞ্চলিক কেন্দ্ৰ গুৱাহাটীৰ পৰা কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু সাতগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰায় ৭০০ জন ছাত্ৰ ছাত্ৰীক প্ৰশিক্ষণ প্ৰদান কৰা হয়। দুয়োখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে অতি উৎসাহেৰে দৃশ্য কলা আৰু পৰিৱেশ্য কলাত অংশ গ্ৰহণ কৰে, যেনে – পেলনীয়া সামগ্ৰীৰ ব্যৱহাৰ, টেৰাকোটা (মাটিৰে বনোৱা সঁজুলি), মুখা,পুতলা নাচ, কিতাপ বন্ধা, লোক চিত্ৰকলা ইত্যাদি। তাৰোপৰি ছাত্ৰ ছাত্ৰী সকলে প্ৰখ্যাত বিশেষজ্ঞ সকলৰ জৰিয়তে ভাৰতত প্ৰচলিত বিভিন্ন ভাষীক গীত, মুকাভিনয় আৰু বিভিন্ন লোক নৃত্যৰ বিষয়েও শিকিছে। কৰ্মশালাৰ সমাপ্তিৰ দিনা ছাত্ৰ ছাত্ৰী সকলে তৈয়াৰ কৰা শিল্প বস্তু সমূহৰ প্ৰদৰ্শন কৰে, লগতে বিভিন্ন লোক নৃত্য আৰু গীত পৰিৱেশন কৰে । এই কৰ্মশালাৰ বিষয়বস্তু সমূহ ’আজাদী কা অমৃত মহোৎসৱ- ভাৰত স্বাধীনতাৰ ৭৫ সংখ্যক বাৰ্ষিকী উদযাপন৷’