ইতিহাস সৃষ্টি কৰিলে নীৰজ চোপ্ৰাই
ৰঙিলী বাৰ্ত্তাসেৱা- অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী ভাৰতীয় জেভলিন থ্ৰ’য়াৰ নীৰজ চোপ্ৰাই ডায়মণ্ড ট্ৰফী জয় কৰা প্ৰথম ভাৰতীয় হিচাপে ইতিহাস সৃষ্টি কৰিছে। ২৪ বছৰীয়া যুৱকজনে জুৰিখত অনুষ্ঠিত ডায়মণ্ড লীগৰ ফাইনেলত ৮৮.৪৪ মিটাৰ শ্ৰেষ্ঠ থ্ৰোৰে বিজয়ী হয়। ডায়মণ্ড ট্ৰফীৰ উপৰিও নীৰজে ৩০,০০০ ডলাৰৰ পুৰস্কাৰ লাভ কৰে।