‘ইণ্ডিয়া ডেট এণ্ডইনভেষ্টমেণ্ট ছার্ভে’ প্ৰতিবেদন অনুসৰি অসমত দৈনিক বৃদ্ধি পাইছে ঋণৰ বোজা
অনলাইন বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় পৰিসংখ্যা আৰু প্ৰকল্প ৰূপায়ণ মন্ত্ৰালয়ে প্ৰকাশ কৰা ‘ইণ্ডিয়া ডেট এণ্ডইনভেষ্টমেণ্ট ছার্ভে’ শীর্ষক প্রতিবেদন অনুসৰি অসমৰ সৰ্বসাধাৰণ ৰাইজৰ দৈনিক ঋণৰ বোজা বৃদ্ধি পাই আছে। প্রতিবেদন অনুসৰি সামগ্ৰিকভাৱে অসমৰ গ্ৰামাঞ্চলত এটা পৰিয়ালৰ ঋণ হৈছে ১৬,০০০ টকা। প্রতিবেদনখনত ২০১২ চনৰ সৈতে ২০১৮ চনৰ পৰিসংখ্যাৰ তুলনাত্মক বিশ্লেষণ দাঙি ধৰা হৈছে৷ ৬ বছৰৰ ভিতৰত অসমৰ গ্ৰামাঞ্চলত সাধাৰণ ৰাইজৰ ঋণ ৩ গুণতকৈও বৃদ্ধি পাইছে। প্রতিবেদন অনুসৰি ২০১২ চনত অসমৰ গ্ৰামাঞ্চলৰ পৰিয়াল এটাৰ গঢ় ঋণৰ পৰিমাণ আছিল ৫ হাজাৰ টকা। মাত্র ৬ বছৰৰ ভিতৰত এই ঋণৰ পৰিমাণ ১৬ হাজাৰ টকালৈ বৃদ্ধি পোৱাটো বৰকৈ উদ্বেগজনক বিষয় হৈ পৰিছে। চহৰাঞ্চলতো ঋণৰ বোজা বৃদ্ধি পাইছে ৰাইজৰ। ইণ্ডিয়া ডেট এণ্ডইনভেষ্টমেণ্ট ছাৰ্ভে’ৰ প্ৰতিবেদন অনুসৰি ২০১২ চনত ৰাজ্যৰ চহৰাঞ্চলৰ পৰিয়াল এটাৰ গড় ঋণৰ পৰিমাণ আছিল ৩৭,০০০ টকা। ৬ বছৰ পাছত ২০১৮ চনৰ সৰ্বশেষ তথ্য অনুসৰি চহৰাঞ্চলৰ প্ৰতি পৰিয়ালৰ ঋণৰ পৰিমাণ বৃদ্ধি পালে ৭৭,০০০ টকালৈ । অর্থাৎ মাত্র ৬ বছৰত ঋণৰ পৰিমাণ বৃদ্ধি পালে দুগুণতকৈও অধিক। ‘ইণ্ডিয়া ডেট এণ্ডইনভেষ্টমেণ্ট ছার্ভে’ ই প্ৰকাশ কৰা প্ৰতিবেদনৰ ভিত্তিত ষ্টেট বেংক অৱ ইণ্ডিয়াৰ গৱেষণামূলক গোটে ‘ইকৰেপ’ শীর্ষক আন এক প্রতিবেদন চলিত সপ্তাহত প্ৰকাশ কৰিছে। এই প্ৰতিবেদন অনুসৰি অসমৰ মুঠ ঘৰুৱা উৎপাদনৰ ১৯.৫ শতাংশই হৈছে চৰকাৰী ঋণ। সেই অনুসৰি ২০২০-২১ বিত্তীয় বৰ্ষৰ হিচাপত ৰাজ্য চৰকাৰৰ ঋণৰ পৰিমাণ হৈছে ৭৯,৭৫৫ কোটি টকা।