চিনেমা হলৰ কৰ্মচাৰী আৰু স্বত্বাধিকাৰীসকলৰ প্রতিবাদ

pc- Yahoo News Singapore

চিনেমা হলৰ কৰ্মচাৰী আৰু স্বত্বাধিকাৰীসকলৰ প্রতিবাদ

অনলাইন বাৰ্ত্তাসেৱা- ক’ৰোনা কালত অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে সাংস্কৃতিক জগতখনো বিশেষভাৱে ক্ষতিগ্রস্ত হৈছে। বিশেষকৈ ক’ৰোনা মহামাৰীৰ বাবে দীর্ঘদিন ধৰি ৰাজ্যৰ চিনেমা হল বন্ধ থকাৰ পৰিপ্ৰেক্ষিতত অসমীয়া চলচ্চিত্ৰ জগতৰ লগত জড়িত হাজাৰ হাজাৰ লোক গভীৰ সংকটত পৰাৰ উপৰি চিনেমা হলৰ স্বত্বাধিকাৰীসকলৰ সমান্তৰালকৈ ইয়াৰ লগত জড়িত শ শ কৰ্মচাৰীৰ জীৱিকা একপ্ৰকাৰ অচল হৈ পৰা পৰিলক্ষিত হৈছে। চিনেমা হলৰ খৰচ বহন কৰিবলৈ নোৱাৰা হোৱাত বিগত দুবছৰত ৰাজ্যৰ প্ৰায় ৮০টা চিনেমা হল স্বত্বাধিকাৰীসকলে বন্ধ কৰিবলৈ বাধ্য হৈছে। দুবছৰ ধৰি গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ চিনেমা হলসমূহ বন্ধ ৰখাত শ শ লোকে কর্মসংস্থাপন হেৰুৱাবলগীয়া হৈছে।লকডাউন তথা আনলক প্রক্রিয়া কিছু শিথিল কৰি ব্যৱসায়িক প্রতিষ্ঠানসমূহ চলোৱাৰ বাবে এছ অʼ  পিৰ জৰিয়তে অনুমতি প্ৰদান কৰে যদিও চিনেমা হল খোলাৰ অনুমতি প্ৰদান কৰা নাই৷ ফলত চিনেমা হলৰ কৰ্মচাৰী আৰু স্বত্বাধিকাৰীসকল আর্থিক সংকটত পৰিছে। সেয়েহে গুৱাহাটী মহানগৰীৰ  অনুৰাধা চিনেমা হলৰ সন্মুখত এক প্রতিবাদী  কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে নির্দিষ্ট এছ অʼ  পিৰ জৰিয়তে চিনেমা হলসমূহ  খোলাৰ বাবে অনুমতি প্রদানৰ দাবী জনায়।