ইটানগৰত অৰুণাচলৰ ১ম গ্ৰীণফিল্ড বিমানবন্দৰ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

Pc Times of India

ইটানগৰত অৰুণাচলৰ ১ম গ্ৰীণফিল্ড বিমানবন্দৰ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

ৰঙিলী বাৰ্ত্তাসেৱা- আজি ইটানগৰৰ হোলাংগীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচল প্ৰদেশৰ প্ৰথমখন গ্ৰীণফিল্ড ‘ডনি পোলো বিমানবন্দৰ’ উদ্বোধন কৰিব। ২০১৯ চনত প্ৰধানমন্ত্ৰী মোদীয়ে হোলোংগীত এটা গ্ৰীণফিল্ড বিমানবন্দৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিছিল আৰু পুনৰ নিৰ্মাণ কৰা তেজু বিমানবন্দৰ উদ্বোধন কৰে। এক চৰকাৰী বিবৃতি অনুসৰি, হোলোংগীৰ ‘ডনি পোলো বিমানবন্দৰ’ প্ৰায় ৯৫৫ কোটি টকা ব্যয়েৰে ৪১০০ বৰ্গ মিটাৰ এলেকাত নিৰ্মাণ কৰা হৈছে। ইয়াৰ সৰ্বাধিক ক্ষমতা প্ৰতি ঘণ্টাত ২০০জন যাত্ৰী হয়। উল্লেখ্য যে, অৰুণাচল প্ৰদেশৰ প্ৰথমটো গ্ৰীণফিল্ড বিমানবন্দৰ ৬৪০ কোটি টকাতকৈ অধিক ব্যয়েৰে নিৰ্মাণ কৰা হৈছে। ই ৬৯০ একৰতকৈও অধিক এলেকাত বিকশিত হৈ আছে। ২,৩০০ মিটাৰ ৰানৱেৰ সৈতে বিমানবন্দৰটো সকলো বতৰৰ সঞ্চালনৰ বাবে উপযুক্ত। চৰকাৰী বিবৃতিত উল্লেখ কৰা হৈছে যে, ‘‘ডনি পোলো বিমানবন্দৰ অৰুণাচল প্ৰদেশৰ বাবে তৃতীয় কাৰ্যক্ষম বিমানবন্দৰ হ’ব, যাৰ ফলত উত্তৰ-পূব অঞ্চলৰ মুঠ বিমানবন্দৰৰ সংখ্যা ১৬লৈ বৃদ্ধি হ’ব। ১৯৪৭ৰ পৰা ২০১৪ চনলৈ, উত্তৰ-পূবত মাত্ৰ নটা বিমানবন্দৰ নিৰ্মাণ কৰা হৈছিল। তেতিয়াৰ পৰা আঠ বছৰতকৈ কম সময়ৰ ভিতৰতে মোদী চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলত সাতটা বিমানবন্দৰ নিৰ্মাণ কৰিছে।’’উত্তৰ-পূবৰ পাঁচখন ৰাজ্য, মিজোৰাম, মেঘালয়, ছিকিম, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ বিমানবন্দৰে ৭৫ বছৰত প্ৰথমবাৰৰ বাবে উৰাজাহাজ উৰণ পৰিলক্ষিত কৰিব। বিবৃতিটোত কোৱা হৈছে যে, ‘‘উত্তৰ-পূবত ২০১৪ চনৰ পৰা বিমানৰ চলাচল ১১৩ শতাংশ বৃদ্ধি পাইছে যি ২০১৪ চনত প্ৰতি সপ্তাহত ৮৫২ৰ পৰা ২০২২ চনত প্ৰতি সপ্তাহত ১৮১৭লৈ হৈছিল।’’