অনলাইন বাৰ্ত্তাসেৱা- ইজৰাইলৰ স্পাইৱেৰ পেগাছাছৰ জৰিয়তে বিশ্বৰ বিভিন্ন দেশত টেলিফোন টেপিং কৰাৰ অভিযোগ উত্থাপন হৈছে। লক্ষণীয় যে, ভাৰতত বহু মন্ত্ৰী, সাংবাদিক, ব্যৱসায়ীকে ধৰি বিশিষ্ট ব্যক্তিসকলৰ টেলিফোন টেপিং কৰাৰ অভিযোগ উত্থাপিত হৈছে। ইজৰাইলৰ পেগাছাছৰ ফোন টেপিং বিষয়টোক লৈ অনুসন্ধান কৰিবলৈ টাস্ক ফ’ৰ্চ গঠন কৰাৰ ঘোষণা কৰিছে ইজৰাইল চৰকাৰে। বহু কেইগৰাকী শীৰ্ষ মন্ত্ৰী সদস্য হিচাপে আছে এই টাস্ক ফ’ৰ্চত। ফ্ৰান্সৰ লে মন্ডে বাতৰি কাকতখনৰ প্ৰতিবেদন অনুসৰি ইজৰাইলৰ প্ৰতিষ্ঠানটোৱে পেগাছাত স্পাইৱেৰ বিশ্বৰ আন দেশক বিক্ৰী কৰাৰ ক্ষেত্ৰত ইজৰাইলৰ চৰকাৰৰ সৈতে কৰা নাছিল কোনো চুক্তি।
ইজৰাইলৰ পেগাছাছৰ ফোন টেপিং কাণ্ডঃটাস্ক ফ’ৰ্চ গঠন কৰাৰ ঘোষণা ইজৰাইল চৰকাৰৰ
