ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হ’ব পাৰে ভাৰতীয় মূলৰ ঋষি চুনক

Pc Zee News

ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হ’ব পাৰে ভাৰতীয় মূলৰ ঋষি চুনক

ৰঙিলী বাৰ্ত্তাসেৱা-  আজি দুই বজাৰ ভিতৰত ভাৰতীয় মূলৰ ঋষি চুনক নিৰ্বাচিত হ’ব পাৰে ইংলেণ্ডৰ প্রধানমন্ত্ৰী হিচাপে। চুনকৰ হাতত ১৪৩জন Conservative Partyৰ সাংসদৰ সমৰ্থন আছে। স্থানীয় সময় ২ বজাৰ ভিতৰত আনজন প্ৰত্যাশী পেনী মোৰডণ্টে যদি ১০০জন সাংসদৰ সমৰ্থন প্রদর্শন কৰিব নোৱাৰে তেওঁ প্ৰাৰ্থী হ’ব নোৱাৰিব। এতিয়ালৈ মোৰডণ্টে ২৯জন সাংসদৰ সমৰ্থন গোটাবলৈ সক্ষম হৈছে। যদি মোৰডণ্টে ১০০জন সমৰ্থক পায় তেন্তে দুজনৰ এজন নিৰ্বাচন কৰিবলৈ ১৭০০০জন Conservative সদস্যই অনলাইন ভোটদান কৰিব। আৰু যদি নাপায় চুনক প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হ’ব। ব্ৰিটিছ সংসদত ৩৫৭জন Conservative দলৰ সাংসদ আছে। লিজ ট্ৰাছে পদত্যাগ কৰাৰ পিছত ইংলেণ্ডত এনে পৰিস্থিতি উদ্ভৱ হৈছে। ইংলেণ্ডৰ অৰ্থনীতি বিধ্বস্ত আৰু চুনকে সেই অৰ্থনীতি উদ্ধাৰৰ প্ৰতিশ্ৰুতি দি পুনৰ প্ৰধানমন্ত্ৰীৰ দৌৰত সোমায় পৰিছে। চুনক দেশখনৰ প্ৰাক্তন বিত্তমন্ত্ৰী।