আৱাহন থিয়েটাৰৰ ‘লভিতা’ বিতৰ্ক সন্দৰ্ভত সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই মন্তব্য প্ৰকাশ

আৱাহন থিয়েটাৰৰ ‘লভিতা’ বিতৰ্ক সন্দৰ্ভত সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই মন্তব্য প্ৰকাশ

ৰঙিলী বাৰ্ত্তাসেৱা- আৱাহন থিয়েটাৰে চলিত বছৰত মঞ্চস্থ কৰা ‘লভিতা’ নাটকখনক লৈ কিছুদিন ধৰি ছচিয়েল মিডিয়াত তীব্ৰ বিতৰ্ক সৃষ্টি হৈছে ।আৱাহন থিয়েটাৰৰ ‘লভিতা’ বিতৰ্ক সন্দৰ্ভত এইবাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাই মন্তব্য প্ৰকাশ কৰিছে।তেওঁ কয়, জ্যোতি প্ৰসাদৰ সৃষ্টিৰাজিক বিকৃত কৰাটো মোৰ লগতে সকলোৰে বাবে দুখজনক। আৱাহন থিয়েটাৰৰ প্ৰতিজন ব্যক্তি গুণী-জ্ঞানী, ভুল স্বীকাৰ কৰি আগুৱাব লাগে। গণ ৰায় মানি চলি ভুল স্বীকাৰ কৰিব লাগে থিয়েটাৰ কৰ্তৃপক্ষই। আনহাতে, বিভিন্ন প্ৰান্তত প্ৰতিবাদ হোৱাটোৱে আমাক শিক্ষা এটাও দিছে বুলি কয় মাৰ্ঘেৰিটাই। কোনো কালেই যে পুৰুধাসকলৰ সৃষ্টিৰাজিক বিকৃত কৰিবলৈ দিয়া নহ’ব সেয়া সচেতনসকলে বুজাই দিছে বুলি কয় সাংসদগৰাকীয়ে।