অনলাইন বাৰ্ত্তাসেৱা – আৰ এছ এছ সংগঠনটোৰ ১০ জন শীৰ্ষ পৰ্যায়ৰ নেতাই ৫ জুনলৈ তিনিদিনীয়া বৈঠকত অংশগ্ৰহণ কৰে। বিজেপিৰ আদৰ্শগত পৰামৰ্শদাতা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আভ্যন্তৰীণ বৈঠকৰ কাৰ্যসূচীৰ শীৰ্ষ স্থানত আছে বংগত নিৰ্বাচনোত্তৰ হিংসা, দেশৰ কোভিড পৰিস্থিতি আৰু ভাইৰাছৰ সম্ভাৱ্য তৃতীয় ঢৌৰ বাবে প্ৰস্তুতি। সংগঠনটোৰ কেৱল ১০ জন শীৰ্ষ পৰ্যায়ৰ নেতাই তিনিদিনীয়া বৈঠকত অংশগ্ৰহণ কৰিছে, যি ৫ জুনলৈকে চলিব।
সূত্ৰসমূহৰ পৰা পোৱা তথ্য অনুসৰি, উপস্থিত থকা সকলৰ ভিতৰত আছে দত্তাত্ৰেয় হোচাবালে, কৃষ্ণ গোপাল, মনমোহন বৈদ্য, মুকুন্দ, অৰুণ কুমাৰ, সুৰেশ চোনি, ভৈয়াজী যোশী আৰু ভগৈয়া আৰু ৰামদত্ত চক্ৰধৰ, লগতে আৰ এছ এছ ৰ মুৰব্বী মোহন ভাগৱত। দেশৰ কোভিড পৰিস্থিতিৰ ওপৰত দিয়া হৈছে অধিক গুৰুত্ব, যাৰ বাবে সংগঠনটোৱে স্বেচ্ছামূলক কাম কৰি আছে বুলি জানিব পৰা গৈছে। কোভিডৰ তৃতীয় ঢৌৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুতিৰ ওপৰত গুৰুত্ব দিয়া হৈছে। পশ্চিম বংগত নিৰ্বাচনোত্তৰ হিংসা আৰু দেশৰ ৰাজনৈতিক পৰিস্থিতিৰ বিষয়েও আলোচনা কৰিব পৰা যাব বুলি সূত্ৰৰ পৰা যানিব পৰা গৈছে। আৰ এছ এছে ইয়াক এক নিয়মীয়া বৈঠক হিচাপে ঘোষণা কৰিছে, য’ত পৰৱৰ্তী এমাহৰ কাৰ্যসূচীৰ বিষয়ে আলোচনা কৰা হ’ব।