আৰু কিমান তেজস্বিতাক আমি হেৰুৱাব লাগিব

PC - EastMojo Assam

আৰু কিমান তেজস্বিতাক আমি হেৰুৱাব লাগিব

ৰঙিলী বাৰ্ত্তাসেৱা – মাজুলীৰ কণমানি তেজস্বিতাৰ মৃত্যুক লৈ শোকস্তব্ধ সমগ্ৰ ৰাজ্যৰ লগতে মাজুলীবাসী ৰাইজ।তেজস্বিতাৰ মৃত্যুৱে উদঙালে স্বাস্থ্য খণ্ডত চলি থকা অৰাজকতা।তেজস্বিতাৰ মৃত্যুৰ পিছত মাজুলীৰ স্বাস্থ্যখণ্ডক লৈ স্বাস্থ্য বিভাগৰ তৎপৰতা।তেজস্বিতাৰ মৃত্যুৰ পাছতহে গা লৰিল স্বাস্থ্য বিভাগৰ।তেজস্বিতাৰ মৃত্যুৰ পাছতে মাজুলীৰ গড়মূৰ পীতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয়ত তিনিদিনতে তিনিখন ১০৮ এম্বুলেন্স সেৱা মুকলি।তেজস্বিতাৰ আকস্মিক কৰুণ মৃত্যুৰ পাছত বৃহস্পতিবাৰে মাজুলীত উপস্থিত হোৱা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত জিলা চিকিৎসালয়ত উপস্থিত হৈছিল। চিকিৎসালয়খনৰ দুৰৱস্থাৰ বিভিন্ন দিশ পৰিদৰ্শন কৰি তেওঁ মাজুলীৰ পয়ালগা স্বাস্থ্য খণ্ডৰ সমস্যাৰ ওৰ পেলাই ৰাসৰ পূৰ্বেই এমাহৰ ভিতৰত চিকিৎসালয়খনৰ আমূল পৰিৱৰ্তন ঘটোৱা হ’ব বুলি প্ৰকাশ কৰিছিল।ইয়াৰ পাছত জিলা চিকিৎসালয়ত তিনিখন নতুন ১০৮ সেৱা মুকলি কৰা হৈছে।তেজস্বিতাৰ মৃত্যুৰ পাছত এই এম্বুলেঞ্চ সেৱা মুকলি সন্দৰ্ভত মাজুলীবাসীৰ মাজত প্ৰশ্ন উত্থাপন হৈছে যে উপযুক্ত স্বাস্থ্য সেৱা লাভ কৰিবলৈ আৰু কিমান তেজস্বিতাক আমি হেৰুৱাব লাগিব৷