আৰপিএফ জোৱানৰ গুলীচালনাত নিহত ৪ জনকৈ লোক

Pc News4Social

 আৰপিএফ জোৱানৰ গুলীচালনাত নিহত ৪ জনকৈ লোক

ৰঙিলী বাৰ্ত্তাসেৱা-  গুজৰাটৰ পৰা মহাৰাষ্ট্ৰলৈ আহি থকা জয়পুৰ এক্সপ্ৰেছ ৰে’লত আজি ৰাতিপুৱা এক ভয়ংকৰ গুলীবৰ্ষণৰ ঘটনা সংঘটিত হয়।পালঘৰ ষ্টেচনৰ সমীপত চলন্ত ৰে’লখনত হঠাৎ গুলীচালনাৰ ফলত এজন এএছআই আৰু তিনি যাত্ৰীৰ মৃত্যু হয়।এই ঘটনাটো ৰে’লখনৰ ৫নং ডবাত সংঘটিত হয়। জয়পুৰৰ এক্সপ্ৰেছ ৰে’লখনত পুৱা ৫ বজাত সংঘটিত হয় এই গুলীচালনাৰ ঘটনা। এই ঘটনাত কেইবাজাঁই গুলীচালনা কৰা হয়।গুলীচালনা কৰা আৰপিএফ এএছআই চেতন সিঙক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি পালঘৰ ষ্টেচন পাৰ হোৱাৰ পিছত আৰপিএফ জোৱানজনে এই গুলীচালনা কৰে। যাৰ ফলত ৪ জনৰ মৃত্যু হয়। ইয়াৰে এগৰাকী তেওঁৰেই আৰক্ষী বিষয়া আৰু আন ৩ গৰাকী ৰে’লযাত্ৰী। অৱশ্যে কিয় এই ঘটনা সংঘটিত হল এতিয়ালৈকে জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।