আয়না প্ৰকাশনৰ তিনিখন গ্ৰন্থ উন্মোচন

PC- Northeast Now

আয়না প্ৰকাশনৰ তিনিখন গ্ৰন্থ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা- ন্যায় আৰু সমতা দাবী সমিতিৰ প্ৰকাশন প্ৰতিষ্ঠান ‘আয়না প্ৰকাশন’ৰ উদ্যোগত বিশিষ্ট সাহিত্যিক কেৰামত আলী শ্বেইখৰ তিনিখন গ্ৰন্থ যোৱা চাৰি জানুৱাৰীত গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা হয় । দূৰ্গম চৰ অঞ্চলৰ নাৰী জীৱনৰ প্ৰতিচ্ছবি কেৰামত আলীৰ নৱতম উপন্যাস ‘অগ্নিছায়া’, কবিতা পুথি ‘বনফৰিং’, আৰু পূৰ্বে আয়না প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত উপন্যাস’ৰ বঙালী সংস্কৰণ, কলকাতাৰ প্ৰসিদ্ধ প্ৰকাশন প্ৰতিষ্ঠান দে’জ পাব্লিছাৰ্চৰ দ্বাৰা প্ৰকাশিত ‘সোণালী ঘোঁৰা’ গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে উন্মোচন কৰে ড° দীনেশ বৈশ্য, অধ্যাপক আব্দুল চালাম আৰু অধ্যাপক আব্দুল মান্নানে। অতি পিছপৰা চৰ এখনৰ পৰা বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজত সাহিত্য চৰ্চা কৰি প্ৰথিতযশা সাহিত্যিক হোমেন বৰগোহাঞিৰ চকুত ধৰা পৰে কেৰামত আলীৰ সৃষ্টিকৰ্ম আৰু বৰগোহাঞিয়ে সেই সময়ত সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰা ‘আমাৰ অসম’ কাকতত ধাৰাবাহিকৰ ৰূপত প্ৰকাশ কৰে ‘সোণালী ঘোঁৰা’ । এসময়ত ‘আয়না’ আলোচনীতো ধাৰাবাহিক্ভাৱে প্ৰকাশিত ‘সোণালী ঘোঁৰা’ পাচলৈ আয়না প্ৰকাশনে গ্ৰন্থৰূপে প্ৰকাশ কৰে । কেৰামত আলীৰ শেহতীয়া উপন্যাস ‘অগ্নিছায়া’ও আয়নাত ধাৰাবাহিকভাৱে প্ৰকাশিত হৈছিল । আয়না প্ৰকাশনে ‘অগ্নিছায়া’ প্ৰকাশৰ মনস্থ কৰাৰ সময়ত হোমেন বৰগোহাঞিয়ে উপন্যাসখনৰ পাতনি লিখিছিল, অৰু কেৰামত আলী তেখেতৰ শেহতীয়া আৱিষ্কাৰ বুলি উক্ত পাতনিত ঘোষণা কৰে। অৱশ্যে তেওঁৰ জীৱন কালত উপন্যাসখন প্ৰকাশিত নহ’ল । ‘বন ফৰিং’ আলীৰ শেহতীয়া কবিতাসমূহৰ সংকলন ।
একেটা অনুষ্ঠানতে নিৱন্ধকাৰ তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা খৈয়াম উদ্দিন আহেমদৰ গ্ৰন্থ ‘উন্মুক্ত খিৰিকি’ উন্মোচন কৰে অধ্যাপক অব্দুল মান্নানে । আয়না প্ৰাকাশনৰ দ্বাৰা আয়োজিত উন্মোচিত আটাইকেইখন গ্ৰন্থ পাঠকে আঁদৰি লব বুলি উন্মোচক ড° দীনেশ বৈশ্য, অধ্যাপক আব্দুল চালাম আৰু অধ্যাপক আব্দুল মান্নানে আশা প্ৰকাশ কৰে ।