আহাৰ মাহত পথাৰৰ সুবাস – ৰশ্মি ৰেখা দুৱৰা

আহাৰ মাহত পথাৰৰ সুবাস
ৰশ্মি ৰেখা দুৱৰা
অসমীয়া বৰ্ষপঞ্জীৰ তৃতীয়টো মাহ আহাৰ।ব’হাগ মাহৰ পৰা জেঠৰলৈকে অসমীয়াৰ গাত বিহু লাগিয়েই থাকে।উলাহে নধৰা মন উখলমাখল।তথাপিও সময়ৰ গতিত সকলোবোৰ কাম কৰিবই লাগিব।আহাৰ মাহ খেতিৰ বতৰ গাঁৱৰ পৰিৱেশত সকলো ব্যস্ত হৈ পৰে। দ’ মাটিবোৰ ৰুবলৈ চ’তৰ শেষৰ ফালে বা ব’হাগৰ প্ৰথম ভাগতেই কঠিয়া সিঁচে।আৰু জেঠৰ পৰাই ৰুৱা আৰম্ভ কৰে যদিও আহাৰ মাহতহে ভৰপক হয়।আহাৰ মাহ গ্ৰীষ্ম কাল।গৰমত প্ৰখৰ ৰ’দকো নেওচি খেতিৰ লগত জড়িত লোকসকলে কঠিয়া তোলে,ৰুৱে,কঠিয়া পেলাইগৈ।কৰ্মস্পৃহা জাগি উঠে।গৰমত ঘামেৰে লুতুৰি-পুতুৰি হ’লেও ভোকৰ ভাত মুঠি বছৰ জুৰাই খাবৰ বাবেই এনে কষ্ট কৰিব লগা হয়।আহাৰ মাহত গৰমৰ উত্তাপৰ মাজতেই প্ৰচুৰ পৰিমাণে বৰষুণো হয়।নদীৰ পানী ওফন্দি উঠি বানপানীৰো সৃষ্টি হয়।কিছুঠাইত ঘৰ-দুৱাৰ পানীত ডুব যায়।জীৱ-জন্তুবোৰো থাকিবলৈ ঠাই নাইকিয়া হয়,খাবলৈ ঘাঁহ নাইকিয়া হোৱাত বহু কষ্টত জীৱন-নিৰ্বাহ কৰিবলগা হয়।লগতে খেতিয়কৰ কষ্টৰ খেতি ডৰাও পানীত ডুব গৈ মৰি যায়।খেতিয়কসকল না জল না স্থলত পৰে।তেনেকৈয়ে কষ্টৰে দিনবোৰ পাৰ কৰিবলগীয়া হয়।পানীবোৰ শুকুৱালৈ বাট চাই আকৌ নতুনকৈ কঠিয়া পাৰি ৰুবলৈ।কেতিয়াও হাৰ নামানে।কাৰণ প্ৰত্যেক বছৰে এনে পৰিস্থিতিৰ সন্মুখীন হ’বলগা হয়।যিবোৰ ঠাই বাম,আৰু বানপানীৰ প্ৰভাৱ নপৰে সেই ঠাইবোৰত এবাৰ ৰুলেই ৰুৱাবোৰ থাকি যায়।ৰুৱনিসকলে পথাৰলৈ যাওঁতে কান্ধত জাকৈখন লৈ যোৱা দৃশ্যটোত খুবেই আকৰ্ষিত হওঁ।ৰুই শেষ হ’লে বা কঠিয়া তুলি শেষ হ’লে জাকৈ মৰাত ব্যস্ত হৈ পৰে,খালৈ নভৰালৈকে ঘৰলৈ উভতি নাহে।ঘৰত আহি ক্লান্ত অনুভৱ কৰিলেও মাছৰ টেঙাৰে বৰ তৃপ্তিৰে ভাতসাঁজ খায় পৰিয়ালবৰ্গৰ সৈতে।গ্ৰীষ্মবন্ধত গাঁৱৰ কণ কণ মইনাহঁতেও পথাৰৰ আমেজ লয়।মাক-দেউতাকহঁতৰ পিছে পিছে গৈ পথাৰত বোকাৰ লগত ধেমালি কৰে।বোকা মাটিৰ গোন্ধ লৈ দেউতাকৰ কষ্টবোৰো কণমানি মনবোৰে বুজি উঠে।কেতিয়াবা অলপ সহায় কৰি দিবও বিচাৰে।এয়াই নিভাঁজ গাঁৱৰ পৰিৱেশৰ কষ্টৰ আমেজ।বোকা মাটিৰ গোন্ধলৈ আহাৰ মাহত খেতিৰ ভৰপক সময়ত পথাৰত ভাতসাঁজ খোৱাৰ আনন্দই সুকীয়া।ঘৰত খোৱাতকৈ সোৱাদবোৰ দুগুণে বাঢ়ি যায়।আহাৰ মাহৰ পথাৰবোৰত চহা লোকসকলে কঠিয়া ৰুৱাত ব্যস্ত হৈ পৰে।আঘোণত ভঁৰাল ভৰাবলৈ।আহাৰ মাহৰ প্ৰখৰ ৰ’দ-বৰষুণৰ মাজতেই লুকাই থাকে খেতিয়কৰ সপোন।