আহক,আমি প্ৰকৃতি-প্ৰেমীৰ দৃষ্টিৰে জগত খন চাবলৈ চেষ্টা কৰো – নাছিৰ আহমেদ

PC - Wallpaper Flare
আহক,আমি প্ৰকৃতি-প্ৰেমীৰ দৃষ্টিৰে জগত খন চাবলৈ চেষ্টা কৰো
নাছিৰ আহমেদ,
শিমলাবাৰী, গোৱালপাৰা
প্ৰকৃতিৰ সকলো সৃষ্ট উদ্ভিদ বা প্ৰাণীয়ে এই পৃথিৱীত  অবাধ ভাৱে প্ৰাকৃতিক নিয়ম মতে জীয়াই থাকিব বিচাৰে । মানুহ সৰ্ব্ব শ্ৰেষ্ট জীৱ বাবেই যধে-মধে উদ্ভিদক ধ্বংস কৰা উচিত নহয় বা খাদ্যৰ বাবে প্ৰাণীক হত্যা কৰা অনুচিত। অতি সংযত ভাৱে উদ্ভিদ বা প্ৰাণীক খাদ্যৰ প্ৰয়োজনত সীমিত ভাৱে ব্যৱহাৰ কৰিব পাৰে। দেৱতা,ঈশ্বৰ বা আল্লাৰ সন্তুষ্টিৰ বাবে লাখ-লাখ পাৰ চৰাই,ক`লা পঠা বলি বা গৰু,ম`হ,উদ,ডুম্বা আদি জবাই কোনো পধ্যে গ্ৰহণ যোগ্য নহয় । দেৱতাই কেতিয়াও প্ৰতিদান নিবিচাৰে,শুদ্ধ চিত্তেৰে তেওঁক স্মৰণ কৰিলেই হ`ল । আমি যদি প্ৰকৃতি-প্ৰেমীৰ দৃষ্টিৰে জগতখন নাচাই প্ৰাচীন অন্ধ বিশ্বাসৰ বশৱৰ্ত্তী হৈ দেৱতাক সন্তষ্ট কৰাৰ নামত নৰ বলি আৰু প্ৰাণী হত্যাক গুৰুত্ব দিওঁ, তেনে হ`লে অতি শীঘ্ৰে আমাৰ ভুলৰ বাবে পৃথিৱীৰ পৰা চিৰ দিনৰ বাবে সেউজ ৰং মোচ খাই পৃথিৱী খন এক অভিশপ্ত মৰুভূমী সদৃশ হৈ পৰিব। আমি সকলোৱে ভৱা উচিত ,এই পৃথিৱীখনেই হৈছে আমাৰ শ্ৰেষ্ঠতম উপহাৰ, জীয়াই থকাৰ আৰু জীৱিকাৰ প্ৰধান বাসস্থান। কোনো কাল্পনিক জগতৰ চিন্তাত বা প্ৰাপ্তি লাভৰ আশাত বাস্তৱ জগতখনৰ প্ৰতি পিঠি দিয়া মূৰ্খামিৰ পৰিচায়ক।এই পৃথিৱীখনক সুন্দৰ আৰু সুশৃংখলাৱদ্ধ ভাবে আমি উপভোগ কৰা উচিত ; কাৰণ ইয়াৰ প্ৰতিটো বস্তুৰ মাজত সৌন্দৰ্য্য, প্ৰেম আৰু সত্য বিৰাজমান।ইংৰাজী ৰোমান্টিক যুগৰ কবি কীটচৰ ভাষাত ” A thing of beauty is joy forever.” সকলো সৌন্দৰ্য্যৰ ভৰা বস্তুৰ মাজত আনন্দ বিৰাজ কৰি আছে। আৰু ” Beauty is truth, truth is beauty.”সৌন্দৰ্যই হৈছে সত্যৰ আধাৰ, সত্যই হৈছে সৌন্দৰ্য্যৰ আধাৰ।গতিকে,আহক আমি প্ৰকৃতি-প্ৰেমীৰ দৃষ্টিৰে জগতখন চাবলৈ চেষ্টা কৰোঁ।